দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অকাল মৃত্যুক সাৱটিলে হিমাংশুই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত আহত হিমাংশু বেজবৰুৱাৰ মৃত্যু৷

গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে হিমাংশু বেজবৰুৱাই(২৯)৷

১৭ জুনত যুবকজনক নগাঁৱৰ ষ্টেডিয়াম মাৰ্কেটত নিশা গাড়ীয়ে খুন্দিয়াই পথৰ কাষত পেলাই থৈ গৈছিল।

গাড়ীৰ খুন্দাত পথৰ কাষৰ জাবৰৰ মাজত পৰি ৰোৱা যুবকজনক নিশা আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷

মূৰত আঘাট পোৱা হিমাংশুক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছিল যদিও বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷

নগাঁৱৰ চকৰিগাঁৱৰ হিমাংশু বেজবৰুৱা ব্যক্তিগত খণ্ডৰ এটি বিত্তীয় প্ৰতিস্থানত কৰ্তব্যৰত আছিল৷

দুৰ্ঘটনা সংঘটিত হোৱা দিনা হিমাংশুৰ জন্মদিনো আছিল৷

যুবক জনৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাত নগাঁৱত শোঁকৰ চাঁ পৰিছে।