
নিউজ ডেস্কঃ গুচি গ’ল এগৰাকী চিৰ তৰুণ কবি! কবিতাৰ শব্দৰে জীৱনৰ মালা গুঁঠা কবি-সাহিত্যিক দেৱৰাজ কলিতা আৰু নাই।
অৱসৰ প্ৰাপ্ত চৰকাৰী বিষয়া তথা জ্যেষ্ঠ কবি, সাহিত্যিক দেৱৰাজ কলিতাই শেষ নিশ্বাস ত্যাগ কৰে শনিবাৰে দিনৰ প্ৰায় ১২ বজাত।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

অৱসৰৰ পিছত কবিতা আৰু সাহিত্যৰ মাজত নিজকে বিলীন কৰি অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰি ফুৰা দেৱৰাজ কলিতা সামাজিক মাধ্যমতো আছিল যথেষ্ট সক্ৰিয়।
ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ পোৱা কলিতা ওতোঃপ্ৰতঃভাৱে জড়িত আছিল বহু সাহিত্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও।

মাত্ৰ দুদিন পূৰ্বে সুস্থ শৰীৰেৰে টিহুত অনুষ্ঠিত হোৱা এক কাব্যিক অনুষ্ঠানত অংশ লৈ আনন্দ মনেৰে ঘূৰি অহা ব্যক্তিগৰাকীৰ আজি আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে তেওঁক ভালপোৱা লোকসকলক।
এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ তেওঁ কিছু বছৰ পূৰ্বেই হেৰুৱাই পেলাইছিল তেওঁৰ কণ্ঠস্বৰ।

কিন্তু তাৰ পিছতো জীৱনৰ ওচৰত পৰাজয় স্বীকাৰ নকৰি তেওঁ সাহিত্য চৰ্চাৰ জড়িয়তে অৰঙে দৰঙে ঘূৰি ফুৰিছিল।
এইগৰাকী বিশিষ্ট কবিয়েই শনিবাৰে গুৱাহাটীৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰাত মৰ্মাহত হৈ পৰিছে তেওঁক লগ পোৱা-নোপোৱা অসংখ্য গুণমুগ্ধ।