দুবছৰ কাৰ্যকাল সম্পূর্ণ নোহোৱাকৈ বদলি কৰা নহ’ব কোনো চক্ৰ বিষয়াক, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ…

দুবছৰ কাৰ্যকাল সম্পূর্ণ নোহোৱাকৈ বদলি নহ’ব কোনো চক্ৰ বিষয়া।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই জৰুৰী ঘোষণা ৰাজ্যৰ ৰাজহ বিভাগৰ।

ৰাজ্যৰ ভিন্ন স্থানত থকা চক্র বিষয়াসকলে দুবছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব লাগিব। দুবছৰ কাৰ্যকাল সম্পূর্ণ নোহোৱাকৈ কোনো চক্ৰ বিষয়াক বদলি কৰা নহ’ব।

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে এই সন্দৰ্ভত এক নির্দেশনা জাৰি কৰিছে।

বিভাগৰ আয়ুক্ত-সচিব জি ডি ত্রিপাঠীয়ে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, ৰাজ্যৰ একাধিক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বদলি, নিযুক্তিৰ বাবে বিভাগৰ ওচৰত আবেদন জনাইছে। যি কথা বিভাগৰ দৃষ্টিগোচৰ হৈছে। চৰকাৰী বিধি-নিয়ম অনুসৰি চক্ৰ বিষয়াসকলে কার্যকাল দুবছৰ সম্পূৰ্ণ কৰিবই লাগিব।

মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মায়ো দুবছৰ কার্যকাল সম্পূর্ণ নোহোৱাকৈ কোনো চক্ৰ বিষয়াক বদলি নকৰিবলৈ ৰাজহ বিভাগক কঠোক নির্দেশ জাৰি কৰিছে।

সেয়ে দুবছৰ কাৰ্যকাল সম্পূৰ্ণ নোহোৱা কোনো চক্ৰ বিষয়াক ৰাজহ বিভাগে বদলি নকৰাৰ সিদ্ধান্ত লৈছে।