দুবছৰীয়া কন্যাসহ সন্ধানহীন মাতৃ! নিৰুদ্দিষ্ট বোৱাৰীৰ সন্ধান দি লাভ কৰক ৫০ হাজাৰ টকাৰ পুৰস্কাৰ

এক চাঞ্চল্যকৰ ঘটনা।

দুবছৰীয়া কন্যাসহ কেইবাদিন ধৰি সন্ধানহীন এগৰাকী মাতৃ।

লখিমপুৰৰ নাওবৈচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে, লখিমপুৰ মেডিকেল কলেজত ভৰ্তি হৈ থকা ভনীয়েকৰ স্বাস্থ্যৰ খবৰ লবলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে লখিমপুৰৰ নাওবৈচাৰ ফতেহপুৰৰ জাকিৰ হুছেইনৰ পত্নী ফজিলা খাতুন।

দুবছৰীয়া কন্যাৰ সৈতে যোৱা ৩১ জুলাইত ওলাই গৈছিল মহিলা গৰাকী। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে মাতৃ-কন্যা।

বহু বিচাৰ খোচাৰ কৰিও বোৱাৰী গৰাকীৰ সন্ধান নাপাই এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে আত্মীয়।

ইতিমধ্যে স্বামী জাকিৰ হুছেইনৰ পৰিয়ালে লালুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে বোৱাৰী গৰাকীৰ সন্ধান পালে ৯৮৫৯২৭৭৪২৭ (9859277427) আৰু ৮৮৩৭২০৪২৬১ (8837204261) নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ ফালৰ পৰা।

ইপিনে নিৰুদিষ্ট মাতৃ-কন্যাৰ সন্ধান দিয়া লোকলৈ ৫০ হেজাৰ টকা পুৰষ্কাৰ আগবঢ়াব বুলিও পৰিয়ালৰ লোকে সদৰি কৰিছে।