অসম

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু…

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু।

ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰলৈ অসমলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী।

তিনিটাকৈ অনুষ্ঠানত অংশ ল’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে।

ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীৰ বাবে উছৰ্গা কৰিব DMCH। স্থাপন কৰিব ভাইৰল’জী প্ৰতিষ্ঠানৰ মাণ্ডলিক শাখাৰ আধাৰশিলাও। ভাইৰল’জী প্ৰতিষ্ঠানৰ দুটাকৈ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

মুকলি কৰিব ‘সমীৰ’ শীৰ্ষক গৱেষণাগাৰ।

‘পৰম কামৰূপা’ শীৰ্ষক ছুপাৰ কম্পিউটাৰৰ লগতে আধাৰশিলা স্থাপন কৰিব অংগনৱাড়ী কেন্দ্ৰ-আদৰ্শ বিদ্যালয়ৰো।

ইপিনে ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ মহানগৰ যান-বাহন শাখাই জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা।

সেই অনুসৰি ১৩ অক্টোবৰত ৬ চকীয়া বা তাতকৈ অধিক চকাৰ মালবাহী বাণিজ্যিক বাহণ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰিব নোৱাৰিব। পুৱা ৮ বজাৰ পৰা নিশা ১০-৩০ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব।

একেদৰে ১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।

আনহাতে ১৪ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা ১২.৩০ বজালৈ ডিজি ৰোড, এটি ৰোড, এমজি ৰোড, কে এল বি ৰোড, তৈয়বুল্লা ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।

Related Articles

Back to top button