দুটা দশক বাবাৰ বেশত আত্মগোপন কৰি থকা ‘দস্যুৰাণী’ ফুলন দেৱীৰ অপহৰণকাৰীক অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ ‘দস্যু ৰাণী’ ফুলন দেৱী, সকলোৰে বাবে পৰিচিত এটা নাম।

দুই দশক পূৰ্বে এই ফুলন দেৱীৰে অপহৰণ কাণ্ডত জড়িত এজন ডকাইতক সোমবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ আৰক্ষী।

১৯৮০ চনত ফুলন দেৱীৰ অপহৰণত জড়িত থকা ৬৯ বছৰীয়া ছেদা সিং নামৰ ডকাইতটােক দুটা দশকৰ মূৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

devi
দুটা দশক বাবাৰ বেশত আত্মগোপন কৰি থকা 'দস্যুৰাণী’ ফুলন দেৱীৰ অপহৰণকাৰীক অৱশেষত গ্ৰেপ্তাৰ 6

দুটা দশক ধৰি আত্মগোপন কৰি থকা ছেদা সিং চিকিৎসাৰ বাবে নিজৰ জন্মস্থান উত্তৰ প্ৰদেশৰ উৰিয়াৰ ভাচাউন গাঁৱলৈ যোৱাৰ সময়তে সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে সিঙক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, সিঙে মাত্ৰ ২০ বছৰ বয়সতে লালৰাম গোটত যোগদান কৰিছিল। পিছলৈ তেওঁ লালৰাম গোটৰ আটাইতকৈ সক্ৰিয় সদস্যসকলৰ ভিতৰত অন্যতম হৈ পৰে।

image 2022 06 29 13 00 22
দুটা দশক বাবাৰ বেশত আত্মগোপন কৰি থকা 'দস্যুৰাণী’ ফুলন দেৱীৰ অপহৰণকাৰীক অৱশেষত গ্ৰেপ্তাৰ 7

এই ডকাইতৰ দলটোৰ দুই নেতা লালৰাম আৰু সীতাৰাম সিঙে প্ৰতিদ্বন্দী ডকাইত দলৰ নেতা বিক্ৰম মাল্লাহক হত্যা কৰাৰ পিছত তেওঁৰ দলৰ সদস্য ফুলন দেৱীক ১৯৮০ চনত অপহৰণ কৰিছিল।

হত্যা, ডকাইতি, অপহৰণ আৰু ধন দাবীকে ধৰি ২০ টাতকৈও অধিক গোচৰত অভিযুক্ত ছেদা সিঙক উত্তৰ প্ৰদেশৰ এখন আদালতে পলাতক ঘোষণা কৰিছিল।

image 2022 06 29 13 00 08
দুটা দশক বাবাৰ বেশত আত্মগোপন কৰি থকা 'দস্যুৰাণী’ ফুলন দেৱীৰ অপহৰণকাৰীক অৱশেষত গ্ৰেপ্তাৰ 8

ছেদা সিঙে লালাৰাম গোটৰ দ্বাৰা সংঘটিত ফুলন দেৱীৰ লগতে আন আন অপহৰণ কাণ্ড সমূহত নেতৃত্ব দিছিল বুলি আৰক্ষীৰ তথ্যত প্ৰকাশিত হৈছিল। পূৰ্বে ছেদা সিঙৰ সন্ধানত আৰক্ষীয়ে কেইবাবাৰো অভিযান চলায় যদিও ব্যৰ্থ হয়।

শেহতীয়াকৈ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অপহৰণ কাণ্ড সংঘটিত কৰি আৰক্ষীৰ চকুত ধূলি দি দুটা দশক ধৰি ছেদা সিঙে মধ্য প্ৰদেশৰ চিত্ৰকূটৰ জানকী কুণ্ডৰ ওচৰৰ এখন আশ্ৰমত বাবাৰ ছদ্মবেশত বাস কৰি আছিল।

আৰক্ষীয়ে সোমবাৰে এসময়ৰ এই দুৰ্ধৰ্ষ ডকাইতটােক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ পৰা সাতনা জিলাৰ বাসিন্দা ব্ৰজমোহন দাসৰ নামত প্ৰস্তুত কৰা ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰে।

image 2022 06 29 12 59 53
দুটা দশক বাবাৰ বেশত আত্মগোপন কৰি থকা 'দস্যুৰাণী’ ফুলন দেৱীৰ অপহৰণকাৰীক অৱশেষত গ্ৰেপ্তাৰ 9

আনহাতে সিঙৰ পৰিয়ালেও আৰক্ষীৰ আগত তেওঁৰ মৃত্যু হোৱা বুলি ভুৱা প্ৰমাণ দিছিল।

অৱশ্যে পৰিয়ালৰ এই প্ৰমাণত আৰক্ষী পতীয়ন যোৱা নাছিল আৰু অভিযান অব্যাহত ৰাখিছিল। অৱশেষত সোমবাৰ আৰক্ষীয়ে তেওঁৰ জন্মস্থানৰ পৰা ছেদা সিঙক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ১৯৬৩ চনত উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ফুলন দেৱীয়ে।

অতি কম বয়সতে পৰিয়ালৰ লোকে বিয়া দিছিল ফুলন দেৱীক। কিন্তু ফুলন দেৱীয়ে বিবাহ বিচ্ছেদ কৰি পিছত বাল্য বিবাহ আৰু বৈবাহিক উৎপীড়নৰ বিৰুদ্ধে এক প্ৰতিবাদী পথ বাচি লৈছিল।

image 2022 06 29 12 59 34 1
দুটা দশক বাবাৰ বেশত আত্মগোপন কৰি থকা 'দস্যুৰাণী’ ফুলন দেৱীৰ অপহৰণকাৰীক অৱশেষত গ্ৰেপ্তাৰ 10

যাৰ পৰিণতিত তেওঁ ডকাইতৰ দলত যোগদান কৰি পিছলৈ নাৰী অধিকাৰ, শ্ৰেণী বিভাজন আৰু মানৱ অধিকাৰৰ এক সবল কণ্ঠ হিচাপে পৰিচিত হৈ পৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ সমষ্টিৰ পৰা সমাজবাদী পাৰ্টিৰ সদস্য হিচাপে লোকসভালৈও নিৰ্বাচিত হৈছিল।

২০০১ চনৰ ২৫ জুলাইত লোকসভা অধিৱেশনত অংশ গ্ৰহণ কৰি ওলাই অহাৰ সময়তে নতুন দিল্লীৰ ভিআইপি অঞ্চলত থকা তেওঁৰ অশোক ৰোডৰ বাসগৃহৰ সন্মুখত তিনিজন অচিনাক্ত বন্দুকধাৰীয়ে ফুলন দেৱীক গুলীয়াই হত্যা কৰিছিল।