দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা! গুৰুতৰভাৱে আহত এগৰাকী গৰ্ভৱতী মহিলা, এজনৰ কৰুণ মৃত্যু…

দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা।

গুৰুতৰভাৱে আহত এগৰাকী গৰ্ভৱতী মহিলা, এজনৰ কৰুণ মৃত্যু।

আমগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা দুটা।

দুৰ্ঘটনাত থিতাতে নিহত মানস প্ৰতীম গগৈ নামৰ এজন যুৱক।

আনহাতে আন এটা ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলা আহত হৈছে।

আমগুৰিৰ ধোদৰ আলিত দুৰ্ঘটনাত নিহত হৈছে মানস প্ৰতীম গগৈ নামৰ যুৱকজন।

যুৱকজনৰ ঘৰ দেৰগাঁৱৰ কোঁচ গাঁৱত। আমগুৰিৰ অইল ফিল্ডত কৰ্মৰত আছিল নিহত যুৱকজন।

আনহাতে জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত আহত এগৰাকী গৰ্ভৱতী মহিলা।

হোণ্ডাই ভেনো আৰু বলেৰ’ৰ মাজত মুখামুখি সংঘৰ্ষত আহত হয় গৰ্ভৱতী মহিলাগৰাকী।

আহত গৰ্ভৱতী মহিলাগৰাকীৰ নাম যোৰহাট বহটীয়াৰ শ্ৰদ্ধা বাৰুৱতী।

AS 03 AB 0362 নম্বৰৰ তীব্ৰবেগী হোণ্ডাই ভেনোৱে AS 03 AE9688 নম্বৰৰ বলেৰ’ গাড়ীখনক খুন্দিওৱাৰ ফলত বলেৰ’ গাড়ীখনত থকা গৰ্ভৱতী মহিলাগৰাকী আহত হয়।

Leave a Comment