দুখন ৰাজ্যৰ মাজৰ এটা ৰে’ল ষ্টেচন; য’ত আপুনি টিকট কাটিব লাগিব এখন ৰাজ্যত আৰু ৰে’লত উঠিব লাগিব আন এখন ৰাজ্যত
ভাৰতৰ দুখন ৰাজ্যৰ মাজত অৱস্থিত এটা ৰে’লৱে ষ্টেচন। য’ত আপুনি এখন ৰাজ্যত টিকট কাটি আন এখন ৰাজ্যৰ জিৰণি কোঠাত বিশ্ৰাম ল’ব পাৰে। অৰ্থাৎ একে সময়তে আপুনি লাভ কৰিব পাৰে দুখন পৃথক ৰাজ্যত খোজ দিয়াৰ অনন্য অভিজ্ঞতা।
এই বিশেষ ৰে’লৱে ষ্টেচনটো অৱস্থিত মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাৰ নৱপুৰ নামৰ সৰু চহৰখনত। দুখন পৃথক ৰাজ্যক একেটা প্লেটফৰ্মত সংলগ্ন কৰা ষ্টেচনটোৰ এফালে যদি মহাৰাষ্ট্ৰ, আনফালে আকৌ আছে গুজৰাট।
৮০০ মিটাৰ দৈৰ্ঘ্যৰ ষ্টেচনটোৰ ৫০০ মিটাৰ আছে গুজৰাটত। বাকী ৩০০ মিটাৰ মহাৰাষ্ট্ৰত অৱস্থিত। ষ্টেচনটোত সকলো তথ্য চাৰিটা ভাষাত ঘোষণা কৰা হয়। সেয়া হৈছে- ইংৰাজী, হিন্দী, মাৰাঠী আৰু গুজৰাটী।
লক্ষণীয়ভাৱে ষ্টেচনটোৰ ভূগোলো এক আকৰ্ষণৰ বিষয়। কিয়নো ষ্টেচনটোৰ টিকট কাউণ্টাৰ আৰু আৰক্ষী থানা মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাত আছে, আনহাতে ষ্টেচন মাষ্টাৰৰ কাৰ্যালয়, প্ৰতীক্ষা কক্ষ, আৰু টয়লেট আছে গুজৰাটৰ তাপী জিলাত।
গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যিক নিয়মাৱলী বজাই ৰাখিবলৈ এই ষ্টেচনত সুৰা আৰু পান মচলা সেৱন নিষিদ্ধ কৰা হৈছে।
উল্লেখ্য যে, দুখন ৰাজ্যক একত্ৰিত কৰা ভাৰতৰ এইটোৱেই একমাত্ৰ ষ্টেচন নহয়। ভৌগলিকভাৱে দুখন ৰাজ্যক সংলগ্ন কৰা আন এটা ষ্টেচন হৈছে মধ্যপ্ৰদেশৰ ঝালাৱাৰ জিলাৰ ভৱানী মাণ্ডি ষ্টেচন। য’ত একেটা প্লেটফৰ্মৰ এফালে মধ্য প্ৰদেশ আৰু আনফালে আছে ৰাজস্থান।