
নিউজ ডেস্ক। সোমবাৰে সন্ধিয়া ছত্তীশগড়ৰ বিলাসপুৰ ৰে’ল বিভাগত দুখন মালবাহী ৰে’লৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত স্তব্ধ হৈ পৰে ৰে’লসেৱা।
ৰায়গড়ৰ সমীপৰ জামগাঁও ষ্টেছনত মালবাহী ৰে’ল দুখনৰ মাজত সংঘটিত সংঘৰ্ষত ৰে’ল দুখনৰ ১৮টা ডবা লাইনচ্যুত হৈ পৰে। যাৰ ফলত ৰে’ল সেৱা ব্যহত হৈ পৰে।

ইফালে সংঘৰ্ষৰ পিছতে ব্ৰজৰাজনগৰ, ৰায়গড় আৰু বিলাসপুৰৰ পৰা সাহায্য বাহনৰ সৈতে সংশ্লিষ্ট বিষয়া আৰু কৰ্মচাৰীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সাহায্য অভিযান চলায়।
ৰে’লৱেৰ পিআৰঅ’ সাকেত ৰঞ্জনে জানিবলৈ দিয়া মতে, ৰায়গড়ৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ জামগাঁও ৰে’ল ষ্টেছনত ৰখাই থোৱা এখন মালবাহী ৰে’লত পিছফালৰ পৰা আন এখন মালবাহী ৰে’লে খুন্দা মাৰে। যাৰ ফলত ৰে’লখনৰ ১৮টা ডবা লাইনচ্যুত হৈ বাগৰি পৰে।

ৰে’ল দুখনৰ সংঘৰ্ষৰ ফলত ৰে’ল পথেৰে চলিবলগীয়া সকলো ট্ৰেইন বাতিল কৰা হৈছে।
বাতৰি অনুসৰি, ২৯ মাৰ্চত ৰায়গড়ৰ পৰা ৰাওনা হ’বলগীয়া ১২০৬৯ নম্বৰ ৰায়গড়-গণ্ডিয়া জনশতাব্দী চুপাৰফাষ্ট এক্সপ্ৰেছ বিলহা ষ্টেচনৰ পৰা আৰম্ভ হ’ব আৰু ৰায়গড়-বিলহাৰ মাজত বাতিল হৈ থাকিব।

একেদৰে, ২৯ আৰু ৩০ মাৰ্চত ০৮৮৬২ ঝাৰচুগুড়া-গণ্ডিয়া (জেডি) বিশেষ যাত্ৰীবাহী ৰে’লখনো বাতিল হৈ থাকিব।
ৰেল নং ০৮৮৬১ গণ্ডিয়া-ঝাৰচুগুড়া বিশেষ যাত্ৰাবাহী ৰে’লখন ২৯ মাৰ্চত বাতিল কৰা হৈছে। ৰেল নং ০৮২৬৪ বিলাসপুৰ-তিতলাগড় যাত্ৰী বিশেষ ২৯ মাৰ্চত বাতিল কৰা হৈছে।
লগতে চাওকঃ
কাণৰ হেডফোনেই কাল হ’ল মেঘনাৰ বাবে, ৰে’লৰ খুন্দাত হেৰুৱালে প্ৰাণ
