দুখন নতুন দেশৰ জন্মঃ ইউক্ৰেইনৰ ৰুছপন্থী অঞ্চলক স্বাধীন ঘোষণা ৰাছিয়াৰ…

ইউক্ৰেইনৰ ৰুছপন্থী অঞ্চলক স্বাধীন ঘোষণা ৰাছিয়াৰ।

ইউক্ৰেইনৰ দুই অঞ্চলক স্বাধীন ঘোষণা ৰাষ্ট্ৰপতি পুতিনৰ।

ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ মাজত অশান্ত পৰিস্থিতি চলি থকাৰ মাজতে ইউক্ৰেইনৰ দুই ৰুছপন্থী অঞ্চলক স্বাধীন ঘোষণা কৰিলে ৰাছিয়াই।

সোমবাৰে ৰাষ্ট্ৰখনক সংম্বোধন কৰি এক দীঘলীয়া ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰকাশ কৰা অনুসৰি, ডনেটস্ক আৰু লুগানস্কক স্বাধীন ৰাষ্ট্ৰৰ মান্যতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ওপৰত থকা নিষেধাজ্ঞাৰ সতৰ্কবাণী স্বত্বেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে চৰকাৰী দূৰদৰ্শনত সম্প্ৰচাৰিত এক ভাষণত দুয়োটা অঞ্চলক স্বাধীন স্বীকৃতি দিয়ে।

ৰাছিয়াৰ এই পদক্ষেপৰ পিছতেই পশ্চিমীয়া দেশ আৰু ইউক্ৰেইনৰ উত্তেজনা বৃদ্ধিৰ আশংকা দেখা গৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পিছত, এতিয়া ইউক্ৰেইনৰ এই অঞ্চলত ৰাছিয়াৰ সৈন্য প্ৰৱেশ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে।

ইফালে এই পদক্ষেপে ৰাছিয়াত পশ্চিম সমৰ্থিত চৰকাৰৰ সৈতে সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে বুলি একাংশই মত পোষণ কৰাৰ লগতে আমেৰিকাই বিচ্ছিন্নতাবাদীসকলৰ হাতত থকা দুখন প্ৰদেশৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে।

Leave a Comment