
নিউজ ডেস্কঃ বাৰিষাত এতিয়া বন্যাৰ্তৰ হাহাকাৰ। এমুঠি ভাত, এটোপাল খোৱাপানীৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে বানবিধ্বস্ত এলেকাৰ নাগৰিকে।
বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰা হৈছে।
চৰকাৰৰ উপৰিও ব্যক্তিবিশেষ তথা সংস্থাই এই সময়ত বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰি দৰদ প্ৰদৰ্শণ কৰিছে।

কিন্তু বহু ঠাইত চৰকাৰী সাহায্য প্ৰদান কৰাৰ সময়ত সংঘটিত দুৰ্নীতিয়ে চকু কপালত তুলিছে সাধাৰণ নাগৰিকৰ।
ক’ৰবাত যদি ২০০ গ্ৰাম দাইল, এশ গ্ৰাম মিঠাতেল বিলাই চৰকাৰী বান সাহায্য বিতৰণৰ দায়িত্ব সামৰিছে, আন ক’ৰবাত আকৌ বান সাহায্যৰ নামত বন্যাৰ্তৰ পৰা সংগ্ৰহ কৰা হৈছে ধন।

গাড়ী ভাৰাৰ নাম লৈ কামপুৰৰ বাহাকাৰীত বন্যাৰ্তৰ পৰা ৩০ টকাকৈ লৈ বান সাহায্যৰ নামত দিয়া হ’ল প্ৰায় ২০০ গ্ৰাম দাইল আৰু এক কেজি চাউল!
৩০ টকাকৈ ভৰি বান সাহায্য ল’বলগীয়া হোৱা এগৰাকী বন্যাৰ্ত মহিলাই কেমেৰাৰ সন্মুখত উচুপি উঠে বান সাহায্যৰ পৰিমানৰ কথা কৈ কৈ।
চাহ খোৱা কাপেৰে দুকাপ দাইল আৰু আধা লিটাৰৰ মগেৰে দুমগ চাউল দি ৩০ টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ কৰে বন্যাৰ্ত মহিলাগৰাকীয়ে।
মহিলাগৰাকীয়ে চকুপানী মচি মচি কয়, ‘৩০ টকাৰে মই বাহিৰতো কিবা এটা কিনি খাব পাৰিলোহেঁতেন…।’
উল্লেখ্য, কেৱল কামপুৰতেই যে বান সাহায্য বিতৰণৰ নামত এনে দুৰ্নীতি সংঘটিত হৈছে তেনে নহয়, আন আন বহু বানাক্ৰান্ত অঞ্চলতো বান সাহায্য বিতৰণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
লগতে চাওকঃ
বিপদৰ বন্ধু! বন্যাৰ্তৰ কাষত চিকিৎসকৰ ৰূপত থিয় দিছে মহকুমাধিপতি ডাঃ নেহাই…
