দুই ভাড়াতীয়াৰ অত্যাচাৰত অতীষ্ঠ হৈ অসুস্থ পুত্ৰৰ সৈতে ইচ্ছামৃত্যুৰ অনুমতি বিচাৰি মুখমন্ত্ৰীলৈ পত্ৰ এগৰাকী অসহায় মহিলাৰ…

নিউজ ডেস্কঃ বলপূৰ্বকভাৱে আৱদ্ধ কৰি ৰখা দুটা ভাড়াঘৰৰ ভাড়াতীয়াৰ মানসিক অত্যাচাৰত অতীষ্ঠ হৈ পৰা শিৱসাগৰৰ এগৰাকী মহিলাই ইচ্ছামৃত্যুৰ বাবে অনুমতি বিচাৰি পত্ৰ লিখিছে অসমৰ মুখ্যমন্ত্ৰীলৈ।

নিজৰ অসুস্থ পুত্ৰৰ সৈতে ইচ্ছামৃত্যুৰ বাবে মহিলাগৰাকীয়ে অনুমতি বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখা কাৰ্যই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শিৱসাগৰ চহৰৰ ৬নং ৱাৰ্ডৰ ৰাজ্যিক পৰিবহণ নিগম তিনিআলিৰ সমীপত একামাত্ৰ অসুস্থ পুত্ৰৰ সৈতে বাস কৰে ননী দেৱী নামৰ মহিলাগৰাকীয়ে। তেওঁৰ স্বামী অঞ্জন শৰ্মাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ পিছত মহিলাগৰাকীৰ উপাৰ্জনৰ একামাত্ৰ সম্বল হৈ পৰে তেওঁলোকৰ ঘৰৰ লগতে সংলগ্ন দুটা ভাড়াঘৰ।

কিন্তু গোবিন দত্ত আৰু নাৰায়ণ পাল নামৰ দুজন ব্যক্তিয়ে বছৰ বছৰ ধৰি সেই ভাড়াঘৰ দুটাত বলপূৰ্বকভাৱে সোমাই থকাৰ অভিযোগ কৰে ননী দেৱী নামৰ অসহায় মহিলাগৰাকীয়ে। উচিত ভাড়া প্ৰদান নকৰাকৈয়ে মহিলাগৰাকীৰ অসহায়তাৰ সুযোগ লৈ দুয়োজন ভাড়াতীয়াই বলপূৰ্বকভাৱে ভাড়াঘৰ দুটা দখল কৰি অহাৰ লগতে মহিলাগৰাকী আৰু তেওঁৰ অসুস্থ পুত্ৰৰ ওপৰত মানসিক অত্যাচাৰ চলোৱাৰো অভিযোগ তোলে ননী দেৱীয়ে।

latter
দুই ভাড়াতীয়াৰ অত্যাচাৰত অতীষ্ঠ হৈ অসুস্থ পুত্ৰৰ সৈতে ইচ্ছামৃত্যুৰ অনুমতি বিচাৰি মুখমন্ত্ৰীলৈ পত্ৰ এগৰাকী অসহায় মহিলাৰ… 2

মুখ্যমন্ত্ৰীলৈ তেওঁ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা মতে, ২০১৮ চনতে দুয়োজন ভাড়াতীয়াৰ বিৰুদ্ধে ননী দেৱীয়ে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে। আনকি আদালতৰ পৰা জাননী জাৰি কৰাৰ পিছতো গোবিন দত্ত আৰু নাৰায়ণ পালে খালী কৰি দিয়া নাই ভাড়াঘৰ দুটা।

ইফালে মেৰামতিৰ অভাৱত ক্ৰমান্বয়ে উৱলি গৈছে দুয়োটা ভাড়াঘৰৰ লগতে মহিলাগৰাকীৰ ঘৰটোও। তৎসত্বেও ভাড়াতীয়া দুজনে মহিলাগৰাকীৰ কথাত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰত কয় যে এনেবোৰ কাৰণতে তেওঁৰ স্বামীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত দুয়োজন ভাড়াতীয়াই বলপূৰ্বকভাৱে উকা কাগজত চহী কৰাই লৈছিল। এই সন্দৰ্ভত তেওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ দ্বাৰা এটা গোচৰ ৰুজু কৰে যদিও তাৰ পিছতো দুই ভাড়াতীয়াৰ অত্যাচাৰ অন্ত পৰা নাই।

যাৰ বাবে একমাত্ৰ বিশেষভাৱে সক্ষম পুত্ৰক লগত লৈ অসহায় হৈ পৰা মহিলাগৰাকীয়ে ভাড়াতীয়া দুজনৰ অত্যাচাৰত অতীষ্ঠ হৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি সহায় কামনা কৰে। মুখ্যমন্ত্ৰীয়ে একো সহায় কৰিব নোৱাৰিলে, মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক ইচ্ছামৃত্যুৰ অনুমতি প্ৰদানৰ বাবে অনুৰোধ জনায় ননী দেৱীয়ে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা এম্বুলেন্স পঠিয়াই মহিলাগৰাকীৰ অসুস্থ সন্তানক চিকিৎসাৰ ব্যৱস্থা কৰোৱাইছিল। চিকিৎসকে সন্তানটোক মুকলিমূৰীয়াকৈ ৰাখিব পাৰিলেহে সোনকালে আৰোগ্য হ’ব বুলি স্পষ্ট কৰি দিছিল। কিন্তু বলপূৰ্বক সোমাই থকা গোবিন দত্ত আৰু নাৰায়ণ পালৰ ভয়তে এতিয়া পুত্ৰকো মুকলিমূৰীয়াকৈ ৰাখিব নোৱাৰে মহিলাগৰাকীয়ে।

একাংশ বিজেপি নেতাৰ সৈতে সুসম্পৰ্ক থকা দুই ভাড়াতীয়াৰ বিৰুদ্ধে আৰক্ষীয়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছে ননী দেৱী নামৰ মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে পত্ৰত উল্লেখ কৰে যে মৃত্যুৰ ভয় লৈ আদালতত গোচৰ চলাই থকাটো কোনোপধ্যে সম্ভৱ নহয়। যাৰ বাবে যদি মুখ্যমন্ত্ৰীয়ে একো ব্যৱস্থা ল’ব নোৱাৰে, তেন্তে ইচ্ছামৃত্যুৰ বাবে অনুমতি প্ৰদান কৰক।

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ এগৰাকী অসহায় মহিলাই পত্ৰ লিখি মুখ্যমন্ত্ৰীক জনোৱা এই কাতৰ আহ্বানে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।