NATIONAL

দুই প্ৰেমিকাৰ সৈতে এটা মণ্ডপতে বিবাহত বহিল এজন যুৱক!

নিউজ ডেস্ক। এক আচহুৱা ঘটনা। এজন যুৱকৰ সৈতে একেখন বিবাহ মণ্ডপতে বিবাহত বহিল দুগৰাকী যুৱতী।

এই ঘটনাটো তেলেংগানাৰ আদিলাবাদ জিলাৰ। যিটো ঘটনা সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, এই বিবাহ সম্পন্ন হয় তেলেংগানাৰ এক জনজাতীয় সমাজৰ লোকৰ ক্ষেত্ৰত। জিলাখনৰ ঘানপুৰ গাৱঁৰ অৰ্জুন নামৰ যুৱকজনৰ সৈতে বিবাহত বহে উষাৰাণী আৰু সুৰেখা নামৰ যুৱতী দুগৰাকী।

ইয়াৰে উষাৰাণী একেখন গাৱঁৰ হোৱাৰ বিপৰীতে সুৰেখা সম্ভুগোদাম গাৱঁৰ। দুয়োগৰাকী দীৰ্ঘদিন ধৰি প্ৰেমত পৰে অৰ্জুনৰ। সেয়েহে দুয়োগৰাকীয়ে অৰ্জুনৰ সৈতে বিবাহত বহাৰ ইচ্ছা প্ৰকাশ কৰে।

কোনোজনীয়ে নিবিচাৰিলে কেৱল নিজেই অৰ্জুনৰ পত্নী হোৱাৰ। বৰঞ্চ দুয়োজনীয়ে একেলগে অৰ্জুনৰ সৈতে সংসাৰ কৰাৰহে সহমত জনালে। সেই অনুসৰি কেইদিনমান পূৰ্বে একেখন বিবাহ অনুষ্ঠানতে সম্পন্ন হয় তিনিওৰে বিবাহ।

দৰা অৰ্জুনে জনোৱা অনুসৰি, বিগত চাৰি বছৰ ধৰি যুৱতী দুগৰাকীৰ তেওঁৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক। যেতিয়াই বিবাহৰ বিষয়টো ওলাই তেতিয়া সকলোকে সোধাত তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলে এই কথাত সন্মতি প্ৰকাশ কৰে। যাৰফলত দুয়োগৰাকীকে বিবাহৰ সিদ্ধান্ত লোৱা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে এই প্ৰথা আন ঠাইৰ বাবে আচহুৱা যেন লাগিলেও কিন্তু সেই জনজাতীয় লোকসকলৰ বাবে ই এক পৰম্পৰা। সেয়েহে তেওঁলোকে এনে সম্পৰ্ক তথা এই প্ৰথাক অনুমতি প্ৰদান কৰে।

এই বিবাহখনৰ কথা জানিবলৈ দি জনজাতিটোৰ সংস্থা মণ্ডল প্ৰজা পৰিষদে কয়, “দুয়োগৰাকী যুৱতীয়ে যুৱকজনৰ সৈতে বিবাহত বহিবলৈ সন্মতি প্ৰকাশ কৰে। একেজন ব্যক্তিৰ পত্নী হোৱাত তেওঁলোকৰ কোনো সমস্যা নাই বুলিও জানিবলৈ দিয়ে। জনজাতীয় পৰম্পৰাত ই অতি সাধাৰণ। আদিবাসী প্ৰথাই এনে বিবাহত অনুমতি প্ৰদান কৰে।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button