fbpx
অসমীয়াঅসম

দুই পুত্ৰক চকুৰ সন্মুখতে হেৰুৱাইছিল! তথাপিও হাঁহি হাঁহি ১০৮ বছৰীয়া জীৱন নাট সামৰি গ’ললৈ কলিজা আইতা…

নিউজ ডেস্কঃ অৱশেষত যতি পৰিল ১০৮ বছৰীয়া এখন জীৱন নাটৰ!

অলেখ দুখ, অলেখ প্ৰত্যাহ্বান, কেতিয়াবা হাঁহি, কেতিয়াবা বিষাদ… ১০৮টা বসন্তৰ বতাহে চুই যোৱা জীৱনটোৱে বহু কিবা কিবিয়েই দেখিছিল।

বাটকুৰি বাই ষ্টুডিঅ’লৈ গৈ প্ৰকাণ্ড কেমেৰাটোৰ সন্মুখত থিয় হৈ আপোনজনৰ সৈতে ক’লা-বগা ফটোখন উঠাৰ পৰা হাতৰ মুঠিত মোবাইলটো সামৰি- কি এইটো বুলি সোধালৈকে অলেখ পৰিৱৰ্তন দেখিছিল তেওঁ।

চকুৰ সন্মুখতে হেৰুৱাইছিল স্বামী, দুই পুত্ৰ আৰু বহু আপোনজক। সৰু পুত্ৰৰ মূৰৰ চুলি বগা হোৱাও তেওঁ দেখিছিল।

image 11

দুখ বহুত আছিল। তথাপিও তেওঁ হাঁহিছিল। আৰু সেই হাঁহিয়েই মন ভুলাইছিল তেওঁৰ আশে পাশে থকা সকলক। সেয়ে তেওঁ ইমান আপোন আছিল। সকলোৰে আপোন!

আজি যেতিয়া তেওঁ ১০৮ বছৰীয়া জীৱন নাট সামৰি গুচি গ’লগৈ নেদেখা পৃথিৱী এখনলৈ… তেতিয়া সকলোৱে কান্দিছে। তেওঁক বিদায় জনাবলৈ টান পাইছে।

তেওঁ জীয়াই থাকিব বিচাৰিছিল। অন্ততঃ আৰু কিছুবছৰ…! হাস্পতাললৈ যিদিনা তেওঁক প্ৰথম নিয়া হৈছিল- সেইদিনা তেওঁ সকলোকে আশ্বস্ত কৰি কৈছিল- চিন্তা নকৰিবি, মই সুস্থ হৈ ঘূৰি আহিম। মই এতিয়াই নমৰো।

কিন্তু মৃত্যু যে চিৰন্তন সত্য। হাস্পতাললৈ গৈ তেওঁ আকৌ ঘূৰি নাহিল। তাতেই ৮ দিন কটাই অৱশেষত গুচি গ’ললৈ ইপাৰৰ পৃথিৱীৰ পৰা!

image 12

তেওঁ আছিল সকলোৰে মৰমৰ কলিজা আইতা।

তেওঁৰ প্ৰকৃত নাম আছিল সুভদ্ৰা দেৱী। স্বাধীনতা আন্দোলনত প্ৰত্যক্ষভাৱে অংশ লোৱা এগৰাকী সেনানী আছিল তেওঁ।

গুৱাহাটীৰ মাদাৰ ওল্ডেজ হোমলৈ কিছুবছৰ পূৰ্বে আহিছিল। আহিয়েই মন জয় কৰিছিল সকলোৰে। নাম পাইছিল কলিজা আইতা।

ধকধকীয়া বগা, হাঁহিমুখীয়া আইতা জনী সম্ভ্ৰান্ত আছিল। কথাই-বতৰাই, চাল-চলনে সেয়া ফুটি উঠিছিল।

চকুৰ সন্মুখতে বৰপুত্ৰ আৰু মাজু পুত্ৰক হেৰুওৱাৰ পিছত মানসিকভাৱে ভাগি পৰিছিল তেওঁ। মনৰ প্ৰশান্তিৰ বাবেই তেওঁ আহিছিল বৃদ্ধাশ্ৰমলৈ।

image 13

সৰু পুত্ৰই তেওঁক লগত নিব বিচাৰিছিল। তেওঁ নগ’ল। বৃদ্ধাশ্ৰমত সকলোৰে মাজত মিলি সেইখনকেই ঘৰ বুলি ভাৱিবলৈ লোৱা আইতা জনীয়ে এই ঘৰখন এৰে বা কেনেকৈ?

পিছত মাডাৰ ওল্ডেজ হোমৰ পৰা তেওঁ গুচি আহিছিল উৎপল হৰ্ষবৰ্ধনে পৰিচালনা কৰা প্ৰমোদ তালুকদাৰ ওল্ডেজ হোমলৈ। সেইখন ঘৰো তেওঁ নিজৰ বাবে আটক ধুনীয়াকৈ সজাই লৈছিল।

১৯ জানুৱাৰীত হঠাৎ অসুস্থ হৈ পৰিছিল কলিজা আইতা। এয়া আছিল বাৰ্ধক্যজনিত অসুস্থতা।

১০৮ বছৰীয়া আইতাক লগে লগে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত।

জীয়াই থাকিবলৈ তেওঁ চেষ্টা কৰিছিল। কিন্তু লাহে লাহে শৰীৰে যেন সংগ এৰিছিল কলিজা আইতাৰ।

বিগত ৮ দিন হাস্পতালখনৰ আইচিইউত চিকিৎসাধীন হৈ থাকি তেওঁ বিদায় লয় পৃথিৱীৰ পৰা।

কলিজা আইতাৰ বিয়োগৰ খবৰে এতিয়া মৰ্মাহত কৰিছে সকলোকে। সকলোৱে উচুপিছে। বৃদ্ধাৱাসতো এতিয়া উচুপনিৰ ৰোল।

Related Articles

Back to top button