দুই দুৰ্ধৰ্ষ NLFT উগ্ৰপন্থীৰ মাৰণাস্ত্ৰসহ আত্মসমৰ্পণ

April 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। উগ্ৰপন্থী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অব্ ত্ৰিপুৰা (National Liberation Front of Tripura) চমুকৈ NLFT ৰ দুই দুৰ্ধৰ্ষ সদস্যই আত্মসমৰ্পণ কৰে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ আৰক্ষীৰ ওচৰত।

আত্মসমৰ্পন কৰা দুই সদস্যক যোছেফ জামাতিয়া আৰু উত্তম কিশোৰ জামাতিয়া বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীৰ উপ মহাপৰিদৰ্শক এল দাৰ্লঙে কয়, দুই সদস্যই তিনিটা বিদেশত নিৰ্মিত পিষ্টল আৰু মেগজিন আৰক্ষীক জমা দিয়ে। ত্ৰিপুৰা আৰক্ষীৰ বাবে এই আত্মসমৰ্পণ বৃহৎ সফলতা।

এই কাৰ্যত উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদা চক্ৰৱৰ্তীয়ে বিশেষ ভূমিকা লয়। তেওঁৰ উপস্থিতিত দুয়োজনে আত্মসমৰ্পণ কৰে।

আত্মসমৰ্পণকাৰী দুই উগ্ৰপন্থী সদস্যই বাংলাদেশত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। NLFT আৰু NSCN ৰ মাজত দুয়োৱে সমন্বয় স্থাপনৰ কাম কৰিছিল।

উল্লেখ্য যে অলপতে ত্ৰিপুৰা আৰক্ষীয়ে আছাম ৰাইফলছৰ সহযোগত NLFT ৰ শীৰ্ষ নেতাক মিজোৰামত বৃহৎ অস্ত্ৰ-শস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিছিল।