দুঃসাহস! পত্নী-কন্যা সন্তানৰ প্ৰাণৰক্ষাৰ বাবেই খালী হাতেৰেই নিধন কৰিলে বাঘ

দুঃসাহস! পত্নী-কন্যা সন্তানৰ প্ৰাণৰক্ষাৰ বাবেই খালী হাতেৰেই নিধন কৰিলে বাঘ

February 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ বাঘৰ লগত তয়া ময়া যুদ্ধ লাগিল এজন ব্যক্তিয়ে। আৰু যুদ্ধত মৃত্যু হ’ল বাঘৰ।

এইয়া কোনো চিনেমা বা কল্প কাহিনী নহয়। এই ঘটনা ২৩ ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হয় কৰ্ণাটকৰ আৰচিকেৰে নগৰৰ সমীপৱৰ্তী বেন্দেকেৰে গাঁৱত।

ঘটনা অনুসৰি, সেইদিনা ৩:৩০ বজাত এখন বিয়াত অংশগ্ৰহণ কৰি নিজ ঘৰলৈ পত্নী আৰু কন্যা সহ এখন মটৰ চাইকেলত আহি আছিল ৰাজাগোপাল নায়ক নামৰ লোকজন। তেনেতে বেন্দেকেৰে গাওঁ পাওঁতেই এটা নাহৰফুটুকী বাঘে পিছফালৰ পৰা আক্ৰমণ কৰিলে তেওঁলোকক। লগে লগে পৰি যায় তিনিও।

বাঘটোৱে প্ৰথমতে তেওঁৰ পত্নীৰ ভৰিত কামুৰিব বিচাৰে। তেনেতে তেওঁ বাধা দিয়ে আৰু যুদ্ধ লাগে বাঘটোৰ সৈতে। পত্নী আৰু কন্যা কিছু দূৰ দৌৰি যায় আৰু আন লোকৰ সহায় বিচাৰে।

আনফালে, বাঘ আৰু লোকজনৰ মাজত চলি থাকে যুদ্ধ। বাঘটোৱে তেওঁৰ বাহু আৰু ডিঙিত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। কিন্তু তেওঁ সুযোগ বুজি বাঘটোকহে খামুচি ধৰে আৰু আঠুৰে আঘাত কৰি হত্যা কৰে নাহৰফুটুকীটো।

ঘটনাৰ পিছতেই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়। আৰু তেজেৰে লুটুৰি-পুটুৰি লোকজনক চিকিৎসালয়লৈ লৈ যায়।

বন বিভাগৰ লোকে কয় যে, এই বাঘটোৱে পূৰ্বতেও তিনিজনক আক্ৰমণ কৰিছে। এগৰাকী মহিলা পুত্ৰ সহ আহি থাকোতে বাটত আক্ৰমণ কৰিছিল। ২ বছৰীয়া নাহৰফুটুকী বাঘটোৱে কিয় এনেদৰে মানুহক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেইয়া জনোৱা হোৱা নাই।

লগতে চাওকঃ

হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ঘােষণা

নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ

অটােৰিক্সাত ভ্ৰাম্যমাণ ঘৰ নিৰ্মাণ কৰি চৰ্চিত এজন লােক, যৌথভাৱে কাম কৰাৰ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই