দুঃসাহসিক! বাঘৰ সৈতে মৰণপণ যুঁজ দি ১৫ মহীয়া পুত্ৰৰ প্ৰাণৰক্ষা কৰিলে মাতৃয়ে, হাস্পতালত ভৰ্তি…

নিউজ ডেস্কঃ মাতৃৰ অদম্য সাহসে ৰক্ষা কৰিলে এটি ১৫ মহীয়া শিশুৰ জীৱন। ঘৰৰ সমীপত বাঘৰ আক্ৰমণৰ পৰা কণমানি পুত্ৰক ৰখ্যা কৰিবলৈ গৈ অৱশ্যে গুৰুতৰভাৱে আহত হয় মাতৃ-পুত্ৰ দুয়োজন। বৰ্তমান দুয়োজনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উমৰীয়া জিলাৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ অৰণ্যৰ গাতে লাগি থকা ৰোহনীয়া জ্বালামুখী গাঁৱত।

জানিব পৰা মতে, নিজৰ ১৫ মহীয়া শিশুটিক লগত লৈ ঘৰৰ ওচৰৰে হাবিৰ মাজলৈ শৌচ কৰিবলৈ গৈছিল গাঁওখনৰ নিৱাসী ভোলা চৌধুৰীৰ পত্নীয়ে। কিন্তু সেই সময়তে হাবিৰ মাজত লুকাই থকা এটা বাঘে আকস্মিকভাৱে আক্ৰমণ কৰে কণমানি ৰাজবীৰ চোধুৰী নামৰ শিশুটিক।

lady
দুঃসাহসিক! বাঘৰ সৈতে মৰণপণ যুঁজ দি ১৫ মহীয়া পুত্ৰৰ প্ৰাণৰক্ষা কৰিলে মাতৃয়ে, হাস্পতালত ভৰ্তি… 3

পুত্ৰক বাঘে আক্ৰমণ কৰা দি বাঘৰ সৈতে মৰণপণ যুঁজত অৱতীৰ্ণ হয় মাতৃ। বহু সময় ধৰি বাঘৰ সৈতে যুঁজি অৱশেষত বাঘৰ মুখৰ পৰা সন্তানক ৰক্ষা কৰিবলৈ সক্ষম হয় মাতৃয়ে।

অৱশ্যে এই ঘটনাত মাতৃ আৰু পুত্ৰ দুয়োজনেই বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

boy lady
দুঃসাহসিক! বাঘৰ সৈতে মৰণপণ যুঁজ দি ১৫ মহীয়া পুত্ৰৰ প্ৰাণৰক্ষা কৰিলে মাতৃয়ে, হাস্পতালত ভৰ্তি… 4

ইফালে মহিলাগৰাকীৰ চিঞৰ শুনি গাঁওবাসী ততাতৈয়াকৈ সেই স্থানত উপস্থিত হোৱাত হাবিৰ মাজত পুনৰ লুকাই পৰে বাঘটোৱে। পিছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত মাতৃ-পুত্ৰ দুয়োকে মানপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

বন বিভাগে বৰ্তমান হাতীৰ সহায়ত বাঘটো অৰণ্যৰ মাজলৈ খেদি পঠিয়াবলৈ চেষ্টা চলাইছে। অন্যহাতে বাঘৰ এই আক্ৰমণৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত আতংকই বিৰাজ কৰিছে।