অসমীয়াআন্তঃৰাষ্ট্ৰীয়
দুঃখবৰ! WWEৰ প্ৰাক্তন তাৰকা ৰেষ্টলাৰ জয়ছীন ষ্ট্ৰাইফৰ আকস্মিক মৃত্যু

নিউজ ডেস্কঃ প্ৰাক্তন WWE ৰেষ্টলাৰ জয়ছীন ষ্ট্ৰাইফৰ মৃত্যু।
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি বৃহস্পতিবাৰে মৃত্যুক আঁকোৱালি লয় ৩৭ বৰ্ষীয় মল্লযুঁজাৰু গৰাকীয়ে।
উল্লেখ্য যে, ২০০৪ চনত ষ্ট্ৰাইফে প্ৰৱেশ কৰিছিল WWEত।

২০১০ চনত মেগনাম প্ৰ’ ৰেছলিং আৰম্ভ কৰি ৰিঙত বহু তাৰকা ৰেষ্টলাৰক ধৰাশায়ী কৰিছিল জয়ছীন ষ্ট্ৰাইফে।
যোৱা বছৰ নৱেম্বৰত অন্তিমবাৰৰ বাবে পাৱাৰহাউছ হবছৰ বিৰুদ্ধে এখন মেচত দেখা গৈছিল তাৰকা ৰেষ্টলাৰ গৰাকীক।

তাৰ পিছতে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল ৰেছলিং জগতৰ পৰা।
অৱশ্যে সামাজিক মাধ্যমত শৰীৰচৰ্চাৰ ভিডিঅ’ শ্বেয়াৰ কৰি সাদায়েই চৰ্চাত আছিল জয়ছীন।