fbpx
অসমীয়াঅসম

দুঃখবৰ! সুপৰিচিত লেখিকা, অধ্যাপিকা শ্ৰুতিমালা দুৱৰাৰ বিয়োগ

নিউজ ডেস্কঃ ৰাজ্যৰ সুপৰিচিত লেখিকা, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা, শিক্ষাবিদ শ্ৰুতিমালা দুৱৰাৰ বিয়োগ।

সোমবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত লেখিকাগৰাকীৰ।

উল্লেখ্য যে, নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল শ্ৰুতিমালা দুৱৰা।

image 97

এগৰাকী দ্বিভাষিক লেখিকা হিচাপে তেওঁ আছিল অতি জনপ্ৰিয়।

তেওঁৰ ইংৰাজী ভাষাৰ গ্ৰন্থ সমূহৰ ভিতৰত আছে দ্য ছানচেট আৱাৰ এণ্ড আদাৰ ষ্ট’ৰীজ (১৯৯৮), ৱেইটিং ফ’ৰ দ্য লাষ্ট ব্ৰেথ (১৯৯৯), দ্য ঝুলন ইভিনিং (২০০০) আৰু দ্য মিছিং লিংক।

খবৰ অনুসৰি কেইবছৰমান আগতে শ্ৰুতিমালা দুৱৰাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল।

শেহতীয়াকৈ তেওঁ ‘মাই জাৰ্ণি থ্ৰ কেন্সাৰ’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰিছিল, য’ত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল।

প্ৰখ্যাত লেখিকা, শিক্ষাবিদগৰাকীৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে ৰাজ্যৰ সাহিত্য জগতখনৰ লগতে তেওঁৰ অলেখ গুণমুগ্ধক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!