fbpx
ৰাষ্ট্ৰীয়

দুঃখবৰ! মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ মাতৃৰ দেহাৱসান…

নিউজ ডেস্কঃ বলিউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ মাতৃৰ দেহাৱসান।

দেওবাৰে পুৱা মুম্বাইৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীৰ মাতৃ স্নেহলতা দীক্ষিতে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।

উল্লেখ্য যে, অভিনেত্ৰী মাধুৰী দীক্ষিতে তেওঁৰ মাতৃক ‘আই’ বুলি সম্বোধন কৰিছিল।

মাধুৰী দীক্ষিতৰ সৈতে প্ৰায়ে দেখা পোৱা গৈছিল তেওঁৰ মাতৃকো।

অৱশ্যে মাতৃৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, দেওবাৰে বিয়লি ৱৰ্লি শ্মসানত শেষকৃত্য সম্পন্ন হ’ব স্নেহলতা দীক্ষিতৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!