fbpx
অসমীয়াঅসম

দুঃখবৰ! মাজুলীৰ পিছত এইবাৰ ঢকুৱাখনাত মৃত্যু প্ৰকৃতিৰ জমাদাৰৰ, পথাৰত উদ্ধাৰ ৬টাকৈ মৃত শগুন…

নিউজ ডেস্কঃ মাজুলীৰ পিছতে এইবাৰ মৃত্যু ঘটিল প্ৰকৃতিৰ জমাদাৰৰূপে পৰিচিত ৬টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনৰ।

ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগিচা গাঁৱৰ এখন পথাৰত ৬টাকৈ শগুনৰ মৰাশ পৰি থকাৰ খবৰে মৰ্মাহত কৰিছে স্থানীয় নিৱাসীৰ লগতে প্ৰকৃতিপ্ৰেমীসকলক।

জানিব পৰা মতে, পথাৰত ৬টা শগুন মৃত্যু হৈ পৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে শুকুৰবাৰে বিয়লি প্ৰায় ২ বজাত সেই স্থানত উপস্থিত হয় প্ৰকৃতি সংৰক্ষক ধ্ৰুৱজ্যোতি চেতিয়া, প্ৰকৃতি প্ৰেমী বিমান চেতিয়া, মানস দত্ত আদি কেইবাজনো লোক।

ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমীসকলে সেই স্থানত ৬টা হিমালয়ান গ্ৰীফন প্ৰজাতিৰ শগুনৰ মৰাশ উদ্ধাৰ কৰাৰ লগতে আন দুটা শগুনক সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰি মেগামিক্স প্ৰকৃতি সংঘ আৰু বন বিভাগক অৱগত কৰে।

পৰৱৰ্তী সময়ত প্ৰকৃতি সংঘৰ বিষয়ববীয়া সকলৰ লগতে বন বিভাগৰ এটা দল আৰু ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম গগৈ ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়।

চিকিৎসক ডাঃ গগৈ আৰু চিকিৎসা কৰ্মীৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত দুটা মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰা শগুনৰ প্ৰাণ ৰক্ষা পৰে।

ইপিনে মৃত শগুন কেইটা বন বিভাগৰ জিম্মাত ৰাখি শনিবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে চিকিৎসকে।

অকস্মাতে পথাৰখনত উদ্ধাৰ হোৱা ৬ টাকৈ মৃত শগুনকলৈ চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল।

ক’ৰ পৰা কি কাৰণত এই শগুন কেইটা আহি অকাল মৃত্যুক সাৱটি ললে তাৰ কোনো উৱাদিহ ওলোৱা নাই অদ্যপি।

আশংকা কৰা মতে কোনো অজ্ঞাত স্থানত বিহ যুক্ত খাদ্য ভক্ষণ কৰাৰ পৰিণতিত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।

ঘটনাস্থলীৰ আশে পাশে অধিক শগুনৰ অপ মৃত্যু ঘটাৰ আশংকা কৰি সমগ্ৰ এলেকাত অনুসন্ধান অব্যাহত ৰাখিছে প্ৰকৃতি সংৰক্ষক যুৱক সকলে।

উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱা স্থানৰ সমীপতে এটা অৰ্ধগলিত কুকুৰৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও এইটো শগুন কেইটাই ভক্ষণ কৰাৰ কোনো প্ৰমাণ লাভ কৰা নাই বুলি জনা গৈছে।

Related Articles

Back to top button