
নিউজ ডেস্কঃ বহিঃৰাজ্যত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ ঠিক পূৰ্বে শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল অসমৰ এগৰাকী টাইকোৱাণ্ডো প্ৰশিক্ষকে।
বুধবাৰ হায়দৰাবাদত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু ঘটে অসমৰ টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ।
জানিব পৰা মতে, ২৪ ফেব্ৰুৱাৰীৰ পৰা হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় কেডেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিবলৈ ৩জনীয়া এটা দলৰ সৈতে তাত উপস্থিত হৈছিল প্ৰশিক্ষক দিগন্ত বৰা।
কিন্তু প্ৰতিযোগিতা আৰম্ভ হোৱাৰ এদিন পূৰ্বে বুধবাৰে নিশা আহাৰ গ্ৰহণৰ পিছত তেওঁ থকা হোটেললৈ উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় দিগন্ত বৰা।
পথ পাৰ হোৱাৰ সময়ত এখন বাছে মহটিয়াই নিয়াত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বৰাক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ডিব্ৰুগড় জিলাৰ চিৰিঙৰ বাসিন্দা দিগন্ত বৰা আছিল ডিব্ৰুগড় টাইকোৱাণ্ডো একাডেমীৰ মুখ্য প্ৰশিক্ষক।
যুৱ প্ৰশিক্ষকগৰাকীৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰিলে ৰাজ্যবাসীৰ লগতে ক্ৰীড়া মহলক।