দুঃখবৰ! বলিউডৰ জনপ্ৰিয় অভিনেতা সতীশ কৌশিক আৰু নাই, বলিউডত শোকৰ ছাঁ…

বলিউড জগতৰ এক দুঃখবৰ।
বলীউডৰ বিখ্যাত অভিনেতা সতীশ কৌশিকৰ দেহাৱসান।
৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতা, ছবি পৰিচালক, প্ৰযোজক, কমেডিয়ানগৰাকীৰ।
হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা-পৰিচালকগৰাকীয়ে।
অভিনেতা গৰাকীৰ বান্ধৱ অনুপম খেৰে এক টুইটযোগে প্ৰকাশ কৰিলে এই কথা।
অনুপম খেৰে লিখিছে- মই জানো, এই পৃথিৱীত মৃত্যু একমাত্ৰ সত্য। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই জীয়াই থাকোঁতে মোৰ প্ৰিয় বন্ধুজনৰ বিষয়ে এইখিনি লিখিম! ৪৫ বছৰীয়া বন্ধুত্বৰ হঠাৎ অন্ত পৰিল। সতীশ, তোমাৰ অবিহনে জীৱন কেতিয়াও আগৰ দৰে নাথাকিব। ওম শান্তি!
जानता हूँ “मृत्यु ही इस दुनिया का अंतिम सच है!” पर ये बात मैं जीते जी कभी अपने जिगरी दोस्त #SatishKaushik के बारे में लिखूँगा, ये मैंने सपने में भी नहीं सोचा था।45 साल की दोस्ती पर ऐसे अचानक पूर्णविराम !! Life will NEVER be the same without you SATISH ! ओम् शांति! 💔💔💔 pic.twitter.com/WC5Yutwvqc
— Anupam Kher (@AnupamPKher) March 8, 2023
মৃত্যুৰ এদিন পূৰ্বে হোলীৰ অনুষ্ঠান এটিত অভিনেতা গৰাকীক অন্তিম বাৰৰ বাবে অংশ লোৱা দেখা গৈছিল।