দুঃখবৰ! প্ৰবীণ মাৰাঠী অভিনেতা সুনীল শ্বেণ্ডেৰ দেহাৱসান…

নিউজ ডেস্কঃ মাৰাঠী ছবিজগতৰ প্ৰবীণ অভিনেতা সুনীল শ্বেণ্ডেৰ দেহাৱসান।

সোমবাৰে পুৱতি নিশা প্ৰায় ১ বজাত মুম্বাইৰ ভিলে পাৰ্লেস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে।

জানিব পৰা মতে, সোমবাৰে দুপৰীয়া এক বজাৰ পৰা আৰম্ভ হ’ব সুনীল শ্বেণ্ডেৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা।

ইয়াৰ পিছতে পাশ্বীৱাড়াৰ শ্মসানভূমিত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰবীণ অভিনেতাগৰাকীৰ।

image 96
দুঃখবৰ! প্ৰবীণ মাৰাঠী অভিনেতা সুনীল শ্বেণ্ডেৰ দেহাৱসান… 2

উল্লেখ্য যে, মাৰাঠী ছবিৰ লগতে কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছিল সুনীল শ্বেণ্ডেয়ে।

বাসৱ, গান্ধী, চৰফৰোছ আদিৰ দৰে হিন্দী ছবিত তেওঁ অভিনয় কৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

তেওঁ অভিনয় কৰা কেইখনমান মাৰাঠী হিট ছবি হৈছে কথুং (১৯৮৯), মধুচন্দ্ৰচি ৰাত (১৯৮৯), জছা বাপ তাশে প’ৰ (১৯৯১), ঈশ্বৰ (১৯৮৯), নৰসিংহ (১৯৯১) আদি।

অৱশ্যে বিগত কিছু বছৰ তেওঁ ছবি জগতৰ পৰা আঁতৰি আছিল।

জ্যেষ্ঠ অভিনেতাগৰাকীৰ বিয়োগে মৰ্মাহত কৰিছে মাৰাঠী ছবি জগতখনক।