নিউজ ডেস্কঃ অসমীয়া চলচ্ছিত্ৰ জগতৰ প্ৰবীণ অভিনেতা সাধন হাজৰিকা আৰু নাই! দীৰ্ঘদিন ধৰি নিমোনিয়া ৰোগত আক্ৰান্ত হৈ থাকি শনিবাৰে পুৱা মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে।
ড০ বেজবৰুৱা, লাচিত বৰফুকন, ব’হাগৰ দুপৰীয়া, মন মন্দিৰ আদি অসমীয়া ছবিৰ লগতে কেইবাখনো ধাৰাবাহিকত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা বৰ্ষীয়ান অভিনেতাগৰাকীৰ বিয়োগে মৰ্মাহত কৰিছে সাংস্কৃতিক জগতখনক।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি নিমোনিয়া ৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। কিন্তু হাস্পতালৰ বিচনাতে শনিবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ অসংখ্য অনুৰাগীক।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে হাজৰিকাৰ বিয়োগত শোক ব্যক্ত কৰি লিখিছে, ‘অসমীয়া চলচ্চিত্ৰ তথা মঞ্চ জগতৰ এগৰাকী প্ৰখ্যাত অভিনেতা সাধন হাজৰিকাদেৱে সাৱলীল অভিনয়েৰে সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰি থৈ গৈছে। তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে হাজৰিকাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ।’