দুঃখবৰ! জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই…

ৰাজ্যবাসীৰ বাবে এক বেয়া খবৰ।
জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান।
সোমবাৰে পুৱা প্ৰায় ১০ বজাত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অপূৰ্ব বেজবৰুৱা।
দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী গৰাকীক অহৰহ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
তেওঁৰ অসুস্থতাৰ খবৰে বহু গুণমুগ্ধক ম্ৰিয়মান কৰি ৰাখিছিল।
বুধবাৰে সন্ধিয়া ৬.৩০ মান বজাত ইহঃসংসাৰ ত্যাগ কৰে শিল্পীগৰাকীয়ে।
৭০ দশকৰ পৰা অসমৰ সংগীত জগতত অপূৰ্ব বেজবৰুৱা সংগীত সাধনাৰে জিলিকি উঠা শিল্পীসকলৰ ভিতৰত অন্যতম।
তেওঁ এজন কবি, এজন গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হিচাপেও জনপ্ৰিয় আছিল।
অপূৰ্ব বেজবৰুৱাৰ জন্ম হৈছিল ১৯৫১চনৰ ১৫ অক্টোবৰত।
বহু মননশীল আৰু চিৰসেউজ গীতত কন্ঠ নিগৰোৱা অপূৰ্ব বেজবৰুৱাৰ শিৱসাগৰ জিলাৰ নাজিৰাত জন্ম হৈছিল।
তেওঁৰ পিতৃৰ নাম আছিল নিৰ বেজবৰুৱা। মাতৃৰ নাম প্ৰতিভা দেৱী।