নিউজ ডেস্কঃ অৰুণাচলৰ বিজেপি বিধায়ক জাম্বে তাছিৰ বিয়োগ।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ গুৱাহাটীৰ ডাউনটাউন হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অৰুণাচল প্ৰদেশৰ বিধায়কগৰাকীয়ে।
উল্লেখ্য যে, লুমলা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক জাম্বে তাছিয়ে ২০০৯ চনৰ পৰা ৩ বাৰকৈ বিধায়ক হিচাপে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

অৰুণাচল প্ৰদেশ চৰকাৰে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বিধায়ক জাম্বে তাছিৰ মৃত্যুৰ কথা নিশ্চিত কৰি শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
Deeply saddened by the sudden demise of HMLA of Lumla, Shri Jambey Tashi ji. Our state may have lost one dynamic leader, but his contributions to the state will always be cherished. Our condolences to his family and well-wishers at this darkest hour.
— MyGov Arunachal Pradesh (@MyGovArunachal) November 2, 2022
May his soul #RestInPeace pic.twitter.com/HMSndCxwUw
উল্লেখ্য যে, ২০০৯ চনত কংগ্ৰেছৰ টিকটত লুমলা বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল জাম্বে তাছি।

২০১৪ চনৰ লুমলা বিধানসভাৰ নিৰ্বাচনত তেওঁ পুনৰ কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াই নিৰ্দলীয় প্ৰাৰ্থী থেগ চে ৰিনপোচেক ১৪৯৯ টা ভোটত পৰাস্ত কৰে।
অন্যহাতে ২০১৯ চনত তেওঁ বিজেপিত যোগদান কৰাৰ পিছত একেটা সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি এন পি পিৰ জাম্পা থ্ৰিনলি কুনখাপক ১২৮৮ টা ভোটত পৰাস্ত কৰে।

১৯৯১ চনত টাৱাঙৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হৈ জাম্বে তাছিয়ে ১৯৯৩ চনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়।
তাৰ পিছতে তেওঁ দিল্লীৰ জাকিৰ হুছেইন কলেজ ইউনিভাৰ্চিটিৰ পৰা তেওঁ ১৯৯৭ চনত স্নাতক ডিগ্ৰী সম্পন্ন কৰি ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে।