নিউজ ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ক্ৰিকেটত ভাৰতৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ চেলিম দুৰানীয়ে।
দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থাকি দেওবাৰে গুজৰাটাৰ জামনগৰস্থিত ভাতৃৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ গৰাকীয়ে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।
উল্লেখ্য যে, ১৯৬০ চনত ভাৰতীয় ক্ৰিকেটত অভিষেক ঘটাই দুৰানীয়ে ২৯খন টেষ্টত ৭৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।
১৯৬২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১০৪ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দুৰানীয়ে।
আফগানিস্তানৰ কাবুলত জন্মগ্ৰহণ কৰা চেলিম দুৰানী তেওঁৰ পৰিপাতি আৰু ষ্টাইলিছ সাজ-পাৰৰ বাবেও সুপৰিচিত আছিল।
১৯৬১-৬২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ছিৰিজ জয়ত বীৰত্বপূৰ্ণ প্ৰদৰ্শনৰ বাবে বিখ্যাত আছিল প্ৰাক্তন অলৰাউণ্ডাৰগৰাকী।
কলকাতা আৰু চেন্নাই টেষ্টত তেওঁ আঠ আৰু দহটা উইকেট দখল কৰি ভাৰতক ২-০ত শৃংখলাবদ্ধ জয়ৰ দিশত আগুৱাই লৈ যায়।
ক্ৰিকটৰ সমান্তৰালভাৱে অভিনয় ক্ষেত্ৰখনৰ সৈতেও জড়িত হৈ পৰিছিল চেলিম দুৰানী। ১৯৭৩ চনত প্ৰখ্যাত অভিনেতা প্ৰবীণ বাবীৰ বিপৰীতে তেওঁ এখন ছবিত অভিনয় কৰিছিল।
এইগৰাকী মহান প্ৰাক্তন ক্ৰিকেটাৰৰ বিয়োগে মৰ্মাহত কৰিছে ক্ৰিকেট অনুৰাগীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দুৰানীৰ বিয়োগত শোক ব্যক্ত কৰিছে।