
নিউজ ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত পৰাজিত হ’ল ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাস।
দেওবাৰে এগৰাকী আৰক্ষী বিষয়াৰ গুলীত আঘাতপ্ৰাপ্ত হৈ ভুৱনেশ্বৰৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ৬১ বৰ্ষীয় নেতাগৰাকীৰ।
উল্লেখ্য যে, দেওবাৰে ঝাৰছুগুড়া জিলাৰ ব্ৰজৰাজ নগৰৰ সমীপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক গোপাল দাসে।
বুকুত গুলীৰ আঘাত পোৱা নৱ কিশোৰ দাসক ততাতৈয়াকৈ এয়াৰ এম্বুলেন্সযোগে লৈ যোৱা হৈছিল ভূৱনেশ্বৰৰ এপল’ হাস্পতাললৈ।
হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ দলে অহৰহ চেষ্টা কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীক জীৱন ওভতাই দিবলৈ।
সন্ধিয়া হাস্পতালত মুখ্যমন্ত্ৰী উপস্থিত হৈ বুজ লৈছিল তেওঁৰ স্বাস্থ্যৰ।
কিন্তু তাৰ পিছতে মৃত্যুৰ শীতল কোলাত শুই পৰে ওড়িশাৰ অন্যতম শক্তিশালী নেতা হিচাপে পৰিচিত স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাস।
ରାଜ୍ୟର ସ୍ୱାସ୍ଥ୍ୟମନ୍ତ୍ରୀ ତଥା @bjd_odisha ର ନେତା ନବ କିଶୋର ଦାସଙ୍କ ଅକାଳ ବିୟୋଗ ବିଷୟରେ ଜାଣି ମୁଁ ଶୋକରେ ମ୍ରିୟମାଣ। ତୃଣମୂଳସ୍ତର ନେତା ଭାବେ ତାଙ୍କ ପ୍ରତି ଲୋକଙ୍କ ଓ ଦଳମତ ନିର୍ବିଶେଷରେ ସମସ୍ତଙ୍କ ଭଲପାଇବା ଓ ସମ୍ମାନ ରହିଛି। ସମଗ୍ର ରାଜ୍ୟ ପାଇଁ ଏହା ଅପୂରଣୀୟ କ୍ଷତି। ସରକାର ଓ ଦଳରେ ତାଙ୍କ ଭୂମିକା ସର୍ବଦା ସ୍ମରଣୀୟ ରହିବ।
— Naveen Patnaik (@Naveen_Odisha) January 29, 2023
উল্লেখ্য যে, ২০১৯ চনলৈকে কংগ্ৰেছৰ নেতা আছিল নৱ কিশোৰ দাস।
কিন্তু পৰৱৰ্তী সময়ত তেওঁ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নেতৃত্বত বিজু জনতা দলত যোগদান কৰে আৰু চৰকাৰ গঠনৰ পিছত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
ইফালে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ওপৰত এএছআই গোপাল দাসে গুলীচালনা কৰাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষী বিষয়া গৰাকী মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত বুলি দাবী কৰিছে তেওঁৰ পত্নীয়ে।