অসমীয়াৰাষ্ট্ৰীয়

দুঃখবৰ! অসমৰ পৰা সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা প্ৰবীণ সাংবাদিক এম এছ প্ৰভাকৰৰ দেহাৱসান…

নিউজ ডেস্কঃ অসমৰ পৰা সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা দেশৰ প্ৰবীণ সাংবাদিক এম এছ প্ৰভাকৰৰ দেহাৱসান।

বৃহস্পতিবাৰে কৰ্ণাটকৰ কোলাৰৰ কঠাৰী পালিয়াৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ।

উল্লেখ্য যে, অসমৰ পৰাই সাংবাদিকতাৰ জীৱন আৰম্ভ কৰি দীৰ্ঘ সময় অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল এম এছ প্ৰভাকৰ।

দ্য হিন্দু কাকতৰ অসমৰ প্ৰতিনিধি হিচাপে কৰ্মজীৱন আৰম্ভ কৰি নেলছন মেণ্ডেলাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা প্ৰথমগৰাকী কানাড়া সাংবাদিক আছিল এমএছ প্ৰভাকৰ।

সাংবাদিক হিচাপে পৰিচিত হোৱাৰ উপৰিও তেওঁ আছিল এগৰাকী সু সাহিত্যিকো।

তেখেতৰ কৰ্মৰাজিৰ বাবে ২০২১ চনত কানাড়া ৰাজোৎসৱ বঁটাৰে সন্মানিত কৰিছিল কৰ্ণাটক চৰকাৰে।

Related Articles

Back to top button