দীৰ্ঘদিনে চুৰিকাণ্ড সংঘটিত কৰি অহা তিনি গভাইত চোৰ আৰক্ষীৰ জালত…

ছয়গাঁও আৰক্ষীৰ জালত তিনি গভাইত চোৰ৷

দক্ষিণ কামৰূপৰ জোৰশিমুলীত আটক হৈছে তিনিটাকৈ গভাইত চোৰ৷

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই মঙলবাৰে নিশা বকোৰ সোণতলীত চলাইছিল অভিযান৷

অভিযানকালত সোণতলীৰ ৰৌমাৰী গাঁৱৰ ছেকান্দাৰ আলী,চাউৰদিয়া গাঁৱৰ বুদ্দুছ আলী, আৰু বিভিন্ন অভিযোগত জেলৰভাত খোৱা দাগী অপৰাধী নূৰ উদ্দিন নামৰ গভাইত চোৰ তিনিটাক আটক কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, যোৱা ১১ নৱেম্বৰত দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ সৰলাসুঁতি গাঁৱৰ আধাৰ অপাৰেটৰ ফজল হকৰ ঘৰৰ পৰা দুটাকৈ লেপটপ আৰু আধাৰ কাৰ্ড বনোৱা সকলো সামগ্ৰী চুৰি হৈছিল৷

ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে 1344/21 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখি মঙলবাৰে নিশা জোৰশিমুলী আৰক্ষীয়ে অভিযান চলাই চুৰি সামগ্ৰীসহ তিনি গভাইত চোৰ আটক কৰিবলৈ সক্ষম হয়৷

ইফালে ঘটনাৰ লগত আৰু কেইবাজনো চোৰ জড়িত আছে বুলি আৰক্ষীসূত্ৰে জানিব পৰা গৈছে।

Leave a Comment