দীপৰ বিললৈ অশনি সংকেত, চৰকাৰৰ অনীহাত আজিও ৰূপায়ণ নহ’ল ১০ কোটিটকীয়া পৰ্যটক আঁচনি…

দীপৰ বিললৈ অশনি সংকেত, পূৰ্বৰ দৰে নাই পৰিভ্ৰমী চৰাই, চৰকাৰী অনীহাত আজিও ৰূপায়ণ নহ’ল দহ কোটিটকীয়া পৰ্যটক আঁচনি।

দেশ বিদেশৰ নানা পৰিভ্ৰমী চৰাইৰ কাকলিত মুখৰ হৈ থকা দীপৰ বিলত পূৰ্বৰ দৰে এতিয়া চৰাই নাই।

প্ৰতি বছৰে শীত কালৰ আগমণনৰ লগে লগে দেশী-বিদেশৰ বিভিন্ন প্ৰজাতিৰ চৰাই আহি দীপৰ বিলত জলকেলী কৰি এক নান্দনিক দৃশ্যৰ সৃষ্টি কৰা দীপৰ বিলৰ আজি সেই সৌন্দৰ্য দেখিবলৈ পোৱা নাযায়।

আনহাতে দীপৰ বিলৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চৰকাৰে এক আঁচনি লয় যদিও আজিলৈকে কোনো কামেই আগবঢ়া দেখা নগ’ল।

ৰাজ্য চৰকাৰে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰা “ছীগনেচাৰ আঁচনি”ৰ অধীনত দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে দহ কোটি টকা মঞ্জুৰি দিয়াৰ কেবাবছৰ অতিক্ৰম হ’ল যদিও আজিলৈকে কোনো কামেই আগনাবাঢ়িল।

পূৰ্বৰ তুলনাত ক্ৰমান্বয়ে দীপৰ বিল ভয়াবহ প্ৰদুষণৰ কবলত পৰিছে।

ইতিমধ্যে বিলখনত পূৰ্বৰ তুলনাত মাছ,কাছ আদিকৰি বিভিন্ন জলজ উদ্ভিদ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। আনকি দীপৰ বিলৰ পানীৰ ৰং ক’লা বৰণৰ হৈ উঠিছে।

দীপৰ বিলৰ নাতি দূৰৈৰ বৰাগাৱত থকা ডাম্পিংগ্ৰাউণ্ডৰ পৰা অহৰহ বৈ অহা দূষিত পানীৰ ফলত সমগ্ৰ বিলৰ পানী প্ৰদূষিত হ’বলৈ ধৰা বুলি প্ৰকৃতিপ্ৰেমী এচামে অভিযোগ তুলিছে।

Leave a Comment