fbpx
অসমঅসমীয়া

দীপৰ বিলত কৰুণ ঘটনা! পোৱালিৰ মৃত্যু বেদনাত চিৎকাৰ কৰি কৰি মাতৃ হাতীৰো মৃত্যু

নিউজ ডেস্ক। মহানগৰীৰ দীপৰ বিলৰ পাৰত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা কােনাে নতুন কথা নহয় যদিও শেহতীয়াকৈ হাতী পােৱালিৰ মৃত্যুৰ দুদিন পিছতে মাতৃৰাে মৃত্যুৰ ঘটনাই অঞ্চলবাসীক শােকবিহ্বল কৰি তুলিছে।

উল্লেখ্য যে বিগত ২৮ জানুৱাৰীত বিলৰ পাৰলৈ উঠিব নোৱাৰি মৃত্যু হৈছিল এটা পোৱালি হাতী।

দীপৰ বিলৰ পাৰৰ চকৰ্দাে মিকিৰপাৰাত যোৱা ২৮ জানুৱাৰীৰ পুৱাৰ ভাগত বনকৰ্মীৰ এটা টহলদাৰী দলে বিলৰ বোকা- পানীত আবদ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা হাতী পোৱালি এটা উদ্ধাৰ কৰাৰ পাছত পুনৰ আন এটা হাতীৰ মৃত্যু হয় দীপৰ বিলৰ পাৰত।

উল্লেখ্য যে মৃত হাতী পোৱালিটোক বিচাৰি মৃত হাতী পোৱালিৰ মাকজনীয়ে দিনে-নিশাই ঘটনাস্থলীত অৱস্থান কৰি আর্ত চিৎকাৰ কৰি আছিল।

image

এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে যোৱা ২৮ জানুৱাৰীৰ দিনা মৃত অৱস্থাত হাতী পোৱালিটো উদ্ধাৰ হোৱাৰ সন্ধিয়াৰ পাছত মাকজনীয়ে পোৱালিটোক বিচাৰি আহি মাজনিশালৈ ঘটনাস্থলীৰ সমীপত অৱস্থান কৰিছিল।

বিগত দুদিন ধৰি দিনটো উক্ত স্থানত অৱস্থান কৰি ৰাউচি জুৰি চিৎকাৰ কৰি আছিল।

স্বাভাৱিকতে এই কৰুণ দৃশ্যই সকলোকে ব্যাথিত কৰি তুলিছিল যদিও অতি কৰুণভাৱে মাকজনীৰো মংগলবাৰে উক্ত স্থানতেই বিয়লিৰ ভাগত শোকত বিহ্বল হৈ মৃত্যু হয়।

image 1

জানিব পৰা মতে, স্থানীয় ৰাইজে পশু চিকিৎসকক অৱগত কৰিছিল যদিও পশু চিকিৎসক আহি পোৱাৰ আগতেই হাতীটোৰ মৃত্যু হয়।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো উদ্ধাৰ কৰি হাতীটোৰ দেহত অত্যাধিক গাখীৰ জমা হৈ বিষৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে।

পাছত মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বন বিভাগৰ সহযোগত দীপৰ বিলৰ পাৰত গাঁত খান্দি পুতি থয়।

উল্লেখ্য যে ২৮ জানুৱাৰীৰ দিনা সন্ধিয়াৰ পাছত চকৰ্দাে মিকিৰপাৰাৰ এলিফেণ্ট কৰিড’ৰৰে কাষৰীয়া ৰাণী বনাঞ্চলৰ পাহাৰৰ পৰা ১০-১২টা হাতীৰ এটা জাক খাদ্যৰ সন্ধানত গাতে লগা দীপৰ বিলৰ পানীত নামিছিল।

সন্দেহ কৰা মতে, সেই জাকটোৰ সৈতে থকা হাতী পোৱালিটো পাৰলৈ উঠি আহিব নোৱাৰি বোকা-পানীত আবদ্ধ হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ দুখ সহিব নোৱাৰি আজি মাকজনীৰো মৃত্যু ঘটে।

Related Articles

Back to top button