দীপাৱলীক লৈ কঠোৰ নিৰ্দেশনা অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ, আতচবাজীৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ…

সমাগত পোহৰৰ উৎসৱ দীপাৱলী।

দীপাৱলীৰ পূৰ্বে কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে।

উচ্চ প্ৰাৱল্যৰ ফটকা ফুটুৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

৮ বজাৰ পৰা ১০ বজালৈ ফটকা ফুটুৱাৰ অনুমতি প্ৰদান কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে (PCB) ৰাজ্যখনত গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)ৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে কাৰ্যকৰী হৈ থাকিব।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি অৰূপ কুমাৰ মিশ্ৰই কয় যে, ৰাজ্যিক প্ৰদূষণ সংস্থাটোৱে ৰাজ্যখনৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককো নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ কৈছে।

এইক্ষেত্ৰত আৰক্ষীয়ে অবৈধ আতচবাজী জমা কৰা লোকসকলক আটক কৰিব। এই সম্পৰ্কে ৰাজ্যখনত লোৱা দৈনিক পদক্ষেপৰ প্ৰতিবেদন প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ওচৰত দাখিল কৰিব লাগিব।

Leave a Comment