fbpx
অসমীয়াৰাষ্ট্ৰীয়

দিল্লী চৰকাৰত অথন্তৰ! গ্ৰেপ্তাৰৰ পিছতে পদত্যাগ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়া আৰু স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ…

নিউজ ডেস্কঃ চিবিআইৰ গ্ৰেপ্তাৰৰ পিছতে পদত্যাগ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াৰ।

একেলগে পদত্যাগ কৰিছে স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনেও।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰে দুয়োৰে পদত্যাগ পত্ৰ।

উল্লেখ্য যে, দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ ছিচ’ডিয়াক।

বৰ্তমান ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আপ নেতাগৰাকীক।

তেওঁৰ জামিন আবেদন আদালতে খাৰিজ কৰাৰ পিছতে পদত্যাগ কৰে ছিচ’ডিয়াই।

আনহাতে বিগত কেইবামাহ ধৰি কাৰাবন্দী হৈ আছে সত্যেন্দ্ৰ জৈনও।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!