fbpx
অসমীয়াৰাষ্ট্ৰীয়

দিল্লীৰ সুৰংগপথত নিজেই আৱৰ্জনা পৰিস্কাৰ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ ‘স্বচ্ছ ভাৰত’ বা ‘ক্লিন ইণ্ডিয়া মিছন’ৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি নতুন দিল্লীৰ প্ৰগতি ময়দান ইণ্টিগ্ৰেটেড ট্ৰেঞ্জিট কৰিড’ৰৰ অধীনত নিৰ্মাণ কৰা সুৰংগ পৰিদৰ্শনৰ সময়ত ৰাস্তাৰ পৰা আৱৰ্জনা নিজ হাতেৰে তুলি পৰিষ্কাৰ কৰা দেখা গ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

দেওবাৰে ছ’চিয়েল মিডিয়াত বহুল ভাৱে শ্বেয়াৰ হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে নতুনকৈ উদ্বোধন কৰা সুৰংগটো পৰিদৰ্শন কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। চাইছিল সুৰংগৰ দেৱালত অংকন কৰা চিত্ৰকলা।

কিন্তু পৰিদৰ্শনৰ সময়ত তেওঁৰ চকুত পৰিল ৰাস্তাত পেলাই দিয়া প্লাষ্টিকৰ খালী পানীৰ বটল আৰু আন কেইটামান সামগ্ৰী। আনলৈ বাট নাচাই নিজ হাতেৰে আৱৰ্জনাখিনি বুটলি নতুনকৈ নিৰ্মিত সুৰংগটোত পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চিত কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

image 154

উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ প্ৰথমটো বছৰতে অৰ্থাৎ ২ অক্টোবৰ, ২০১৪ত মহাত্মা গান্ধীৰ ১৪৫ তম জন্ম জয়ন্তী উপলক্ষে দেশখনক পৰিষ্কাৰ আৰু সু-স্বাস্থ্যবাদ কৰি ৰখাৰ উদ্দেশ্যে ‘স্বচ্ছ ভাৰত অভিযান’ আৰম্ভ কৰিছিল।

দেওবাৰে ইণ্টিগ্ৰেটেড ট্ৰেঞ্জিট কৰিড’ৰৰ অধীনত নিৰ্মাণ কৰা সুৰংগ পৰিদৰ্শনৰ সময়ত নিজেই আৱৰ্জনা আঁতৰাই যেন প্ৰধানমন্ত্ৰীয়ে তেওঁ আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানকে নতুনকৈ মাত্ৰা প্ৰদান কৰে।

কৰিড’ৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰই হাতত লোৱা আধুনিক উন্নয়নমূলক কামে দিল্লীৰ চেহেৰা সলনি কৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ আধুনিকীকৰণ কৰিছে। তেওঁ দিল্লী-এনচিআৰ আৰু দিল্লী-মিৰাট ঘাইপথত মেট্ৰ’ ট্ৰেক দুগুণতকৈও অধিক, যেনে অঞ্চলটোৰ সমস্যা সমাধানৰ বাবে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপকে ধৰি কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে, ইণ্টিগ্ৰেটেড ট্ৰেঞ্জিট কৰিড’ৰ প্ৰকল্পটো ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৯২০ কোটি টকা আৱণ্টন কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!