দিল্লীৰ পৰা এটা ফোন কৰিলে নহ’ব, বান-গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিবঃ সমুজ্জ্বল ভট্টাচাৰ্য

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।
ইতিমধ্যে ৩২ খন জিলাৰ প্ৰায় ৩০.৯৯ লাখ লোক, ৪,২৯৬ আৰু ২০ হেজাৰৰো অধিক হেক্টৰ কৃষিভূমি ভয়ানক ভাৱে ক্ষতিগ্ৰস্ত হৈছে বানপানীত।
চলিত বৰ্ষত বান, গৰাখহনীয়া আৰু ভূমিস্খলনৰ ফলত ৬৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰৰ দিনটোত প্ৰাণ হেৰুৱাই ৮ জন লোকে।
শনিবাৰে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই।
তেওং কয় যে, বান আৰু খহনীয়াই সংহাৰী ৰূপ লৈ অসমৰ মানুহ হাহাকাৰ ৷ এই সময়ত দিল্লীৰ পৰা এটা ফোন কৰি খবৰ এটা ল’লে নহ’ব ৷ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব৷ অৰ্থনীতি ভেটি ভাঙি দিছে বানে৷
বৃহৎ নদীবান্ধৰ ফলত নামনিত থকা ৰাইজক অপকাৰ হৈছে ৷ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পয় জনসাধাৰণৰ ক্ষতি কৰিছে। বৃহৎ নদীবান্ধৰ অপকাৰীতাৰ বিষয়ে বিশেষজ্ঞ সকলে কৈ আছে। অসম আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ব্যৱস্থা ল’ব লাগিব, নোলোৱালৈকে আছু ক্ষান্ত নহয়।
অসম আৰু কেন্দ্ৰীয় চৰকাৰে বানৰ স্থায়ী ব্যৱস্থা নোলোৱালৈকে আছু ক্ষান্ত নহয় বুলি হুংকাৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যৰ
লগতে ছাত্ৰ সন্থাৰ প্ৰতিটো গোট আৰু সদস্যক বানৰ সময়ত ৰাইজৰ কাষত ঠিয় দিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টা জনৰ৷
মৰিগাঁৱত বান পৰিস্থিতিৰ বুজলৈ এই মন্তব্য সমুজ্জল ভট্টাচাৰ্য্যৰ।