দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই দিয়া মানহানিৰ গোচৰত স্থগিতাদেশ আদালতৰ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই দিয়া মানহানিৰ গোচৰত স্থগিতাদেশ আদালতৰ।
সোমবাৰে আম আদমি পাৰ্টীয়ে জাৰি কৰা এক সংবাদ বিবৃতিত এই কথা প্ৰকাশ কৰা হয়।
গুৱাহাটী সত্ৰ ন্যায়ালয়ে উক্ত গোচৰত প্ৰথমটো শুনানি গ্ৰহণ কৰি স্থগিতাদেশ জাৰি কৰে লগতে ৩ ছেপ্তেম্বৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে বুলি বিবৃতিত প্ৰকাশ।
মণিষ ছিছোদিয়াৰ অধিবক্তাই আদালতত উল্লেখ কৰে যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে বহুল প্ৰচাৰিত বাতৰিৰ ভিত্তিত ৰিণিকি ভূঞা শৰ্মাৰ নাম সংবাদ মেলত উল্লেখ কৰিছিল। তেওঁ নিজৰ ফালৰ পৰা একো মন্তব্য কৰা নাই।
আদালতে দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছতেই গোচৰটোত স্থগিতাদেশ জাৰি কৰে।
উল্লেখ্য যে, কভিডৰ সময়ত সেই সময়ৰ অসমৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি পি ই কিট ক্ৰয় বিক্ৰয়ত কেলেংকাৰী কৰা বুলি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল। ইয়াত নাম সাঙোৰ খাইছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামো।