দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ অখিল গগৈৰ, সমষ্টি উন্নয়নৰ কেইবাটাও প্ৰতিশ্ৰুতি আদায় অখিলৰ…

দিল্লীৰ অসম ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ অখিল গগৈৰ।
বৈঠকৰ মুখ্যমন্ত্ৰীৰ সৈতে শিৱসাগৰ সমষ্টিৰ লগতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে অখিল গগৈয়ে।
মুখ্যমন্ত্ৰীৰ পৰা সমষ্টি উন্নয়নৰ কেইবাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিলে।
সেই অনুসৰি, সাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব শিৱসাগৰৰ প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয়।
থাওৰা-শিৱসাগৰৰ মাজত মেডিকেল কলেজ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অধ্যয়নৰ বাবে মুকলি কৰি দিব পুঁজি।
Had a sudden meeting with the Hon'ble CM of Assam at Assam House, Delhi. In the meeting many important decisions were taken for the development of Sibsagar LAC.Details are in the video. pic.twitter.com/ugyGhhnlcV
— Akhil Gogoi (@AkhilGogoiAG) September 21, 2022
শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰৰ অধ্যয়নৰ বাবে ১ কোটি টকা মুকলি কৰাৰ প্ৰতিশ্ৰুতি।
ৰংঘৰত লাইট এণ্ড ছাউণ্ড ব্যৱস্থা প্ৰৱৰ্তনৰো প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে।
লগতে বৈঠকত স্থান পালে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰসংগও।
বৈঠকৰ পিছতে সংবাদমেল যোগে এই কথা সদৰি কৰে বিধায়ক অখিল গগৈয়ে।