দিল্লীত অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক।
কেবিনেট বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
সেই অনুসৰি ৰাজ্যৰ চৰকাৰী বন্ধৰ তালিকা সালসলনি কৰা হয়।
২০২৩ চনত চৰকাৰী কৰ্মচাৰীয়ে ৩৮ দিন চৰকাৰী বন্ধ পাব।
অসম-মেঘালয় সীমান্তৰ মুক্ৰকাণ্ডক তীব্ৰ গৰিহণা দিয়ে অসম চৰকাৰে।
প্ৰাক্তন ন্যায়াধীশ ৰুমী ফুকনে কৰিব ন্যায়িক তদন্ত।
৬০ দিনৰ ভিতৰতে দাখিল কৰিব প্ৰতিবেদন। ঘটনাৰ CBI তদন্তত অনুমোদন।
ৰাজ্যত হ’ব নতুনকৈ ২০০০ অংগনৱাড়ী কেন্দ্ৰ।
প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰলৈ ২৫ লাখ টকাকৈ ঘোষণা।
বনধ্বংস ৰোধৰ বাবে ৰাজ্যৰ চৰকাৰৰ নতুন প্ৰচেষ্টা। গছ কাটিবৰ বাবে ল’ব লাগিব অনুমতি। সকলোৱে ফৰেষ্ট অঞ্চলৰ পৰা ৫ কিঃমিঃ দূৰত্বত গছপুলি ৰুব পাৰিব।
বাণিজ্যিক গছ কাটিবলৈ হ’লে ল’ব লাগিব অনুমতি। গছপুলি ৰুব বিচাৰিলে ৪৮ ঘণ্টাৰ ভিতৰত দিয়া হ’ব অনুমতি।
তিতাবৰৰ ৰেচম মহাবিদ্যালয়ৰ বাবে ধন আবণ্টন।
জোঙাল বলহু গড়ৰ নতুন ৰূপ দিয়াৰ বাবে ৫০ কোটি আবণ্টন।