
নিউজ ডেস্কঃ অসম চৰকাৰে বন্ধ কৰিব মেট্ৰিকত শূণ্য ফলাফল প্ৰদৰ্শন কৰা ৩৪ খন চৰকাৰী বিদ্যালয়! ইয়াকে লৈ এতিয়া আৰম্ভ হৈছে টুইটাৰ যুদ্ধ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে কৰিছিল এটা টুইট।
টুইটাৰত কেজৰিৱালে লিখিছিল যে চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়াটোৱেই সমাধান নহয়। এতিয়া সমগ্ৰ দেশত নতুন নতুন চৰকাৰী বিদ্যালয় স্থাপন কৰাতহে গুৰুত্ব দিব লাগে। স্কুল বন্ধ কৰাৰ পৰিৱৰ্তে স্কুলৰ সংস্কাৰ ঘটাই শৈক্ষিক মানদণ্ড উন্নত কৰাটোৱে উচিত।
দিল্লীৰ এই টুইটৰ পিছতে টুইটাৰত তেওঁক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ দিনৰ পৰা বৰ্তমানলৈকে কিমানখন বিদ্যালয় নতুনলৈ স্থাপন কৰা হ’ল, তাৰ তথ্য দাঙি ধৰি কেজৰিৱালক জবাবদিহী কৰাৰ চেষ্টা চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Dear @ArvindKejriwal Ji – As usual you commented on something without any homework!
— Himanta Biswa Sarma (@himantabiswa) August 25, 2022
Since my days as Edu Minister, till now, please note, Assam Govt has established/ taken over 8610 NEW SCHOOLS; break-up below.
How many new schools Delhi Government has started in last 7 yrs? https://t.co/PTV7bO4GKL
টুইটাৰত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “কেজৰিৱাল জীয়ে সচৰাচৰ কৰাৰ দৰেই কোনো ধৰণৰ হোমৱৰ্ক নকৰাকৈ কথা কয়। মই শিক্ষামন্ত্রী হৈ থকাৰ পৰা বৰ্তমানলৈকে ৮,৬১০খন নতুন চৰকাৰী স্কুল প্রতিষ্ঠা কৰা হৈছে। আপোনাৰ চৰকাৰে যোৱা সাত বছৰত কিমান চৰকাৰী স্কুল প্রতিষ্ঠা কৰিলে?’
২০১৩ চনৰ পৰা অসমত স্থাপন কৰা বিদ্যালয়ৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে পুনৰ লিখিছে, ‘২০১৩ চনৰ পৰা ৬,৮০২খন প্রাথমিক বিদ্যালয় আৰু ১,৫৮৯খন মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ল। ৮১ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপন কৰা হ’ল। ৬ খন নেতাজী সুভাষ চন্দ্র বসু আবাসিক বিদ্যালয় স্থাপন কৰা হ’ল। ৩৮খন আদর্শ বিদ্যালয় স্থাপন কৰা হ’ল। চাহ বাগিচাৰ ৯৭ খন মডেল স্কুল স্থাপন কৰা হৈছে। যোৱা ৭ বছৰত দিল্লীত কেইখন বিদ্যালয় স্থাপন কৰা হৈছে?’
📍Provincialisation or taking over pvt schools into govt fold since 2013: Elementary 6802; Secondary 1589
— Himanta Biswa Sarma (@himantabiswa) August 25, 2022
📍Kasturba Gandhi Balika Vidyalaya:81
📍Netaji Subash Chandra Bose Avashik Vidayalaya:3
📍Adarsha Vidyalaya:38
📍Tea Garden Model School:97
Curious to know Delhi's figures!
ইফালে শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত পুনৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দিল্লী নামতহে এখন ৰাজ্য, কিন্তু প্ৰকৃততে পৌৰসভাহে। গুৱাহাটী মেডিকেল কলেজ চোৱাৰ পিছত দিল্লীত স্থাপন কৰা মোহল্লা ক্লিনিক যোৱাৰ কোনো যুক্তি নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ লগতে কয় যে তেওঁ কেতিয়াবা দিল্লীলৈ গৈ মোহল্লা ক্লিনিক বা বিদ্যালয় চাব। বিমান টিকট খোলাই আছে, ইচ্ছা কৰিলে অৰবিন্দ কেজৰিৱালেও অসমলৈ আহিব পাৰে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাইও টুইটাৰত দিল্লীৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছিল একেটা বিষয়ক লৈ। দিল্লীৰ শিক্ষাৰ মডেল ভুৱা বুলি দাবী কৰি বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই কেজৰিৱালক অসমলৈ আহি অসমৰ শিক্ষা ব্যৱস্থাৰ পৰা জ্ঞান ল’বলৈ আহ্বান জনাইছিল।