দিব্যাংগ কিশোৰক যৌন নিৰ্যাতন চলোৱা ব্যক্তিক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান আদালতৰ

নিউজ ডেস্ক। কেৰেলাৰ তিৰুৱন্তপুৰমৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। কিশোৰক যৌন নিৰ্যাতন চলোৱা ৪৭ বছৰীয়া ব্যক্তিক ৩০ বছৰ তিনিমাহ সশ্ৰম কাৰাদণ্ড প্ৰদান।

এই ৰায় প্ৰদান কৰে তিৰুৱন্তপুৰমৰ ফাষ্ট ট্ৰেক বিশেষ আদালতে।

জানিব পৰা মতে, বিশেষ আদালতে তিৰুৱন্তপুৰমৰ এজন ৪৭ বছৰীয়া ব্যক্তিক এই শাস্তি প্ৰদান কৰে।

এগৰাকী ১৩ বছৰীয়া দিব্যাংগ কিশোৰক যৌন নিৰ্যাতন কৰাৰ অপৰাধত ৩০ বছৰ তিনি মাহৰ সশ্ৰম কাৰাদণ্ডৰে দোষী সাব্যস্ত কৰে আদালতে।

২০১৮ চনত সংঘটিত ঘটনা সম্পৰ্কীয় গোচৰটোৰ ৰায় প্ৰদান কৰি তিৰুৱন্তপুৰমৰ ফাষ্ট ট্ৰেক বিশেষ আদালতে কয় যে, “ভুক্তভোগী কিশোৰ আৰু পৰিয়ালক কৰা আঘাতৰ কথা বিবেচনা কৰি দোষী কোনো দয়াৰ যোগ্য নহয়।”

লগতে চাওকঃ কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

কিশোৰটিৰ হৈ ওকালতি কৰা চৰকাৰী অধিবক্তা আৰ এছ বিজয় মোহনৰ মতে, ভুক্তভোগী কিশোৰজন দোষী লোকজনৰ চুবুৰীত বাস কৰিছিল। ২০১৮ চনৰ ১৩ অক্টোবৰত কাপ্পিপোডি মুৰুকান নামৰ ব্যক্তিজনে ১৩ বছৰীয়া কিশোৰটিক ভাবুকি প্ৰদান কৰে আৰু তেওঁক যৌন নিৰ্যাতন চলায়।

লোকজনে তাৰ পিছত কিশোৰটিক বাৰে বাৰে নিৰ্যাতন কৰিছিল। প্ৰাৰম্ভিক নিৰ্যাতনৰ পিছৰ দিনবোৰত যেতিয়া কিশোৰটিয়ে এখন খেলপথাৰত খেলি আছিল, তেতিয়া তেওঁ জোৰকৈ কিশোৰটিক তাৰ পৰা লৈ আহিছিল আৰু পুনৰ যৌন নিৰ্যাতন কৰিছিল।

মুৰুকানে কৰা সেই নিৰ্যাতনৰ কথা যদি কিশোৰটিয়ে কাৰোবাৰ ওচৰত প্ৰকাশ কৰে, তেন্তে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল।

অৱশ্যে যেতিয়া মুৰুকনে পুনৰ কিশোৰটিক নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া কিশোৰটিয়ে তেওঁৰ পৰিয়ালক সেই ঘটনাৰ বিষয়ে কৈছিল। ইয়াৰ পিছতেই তেওঁৰ অভিভাৱকে মান্নান্থালা আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল।

বিশেষ আদালতৰ ন্যায়াধীশ আৰ জয়কৃষ্ণনে ৰায় দি কয় যে “আদালতে কিশোৰটি আৰু পৰিয়ালে পোৱা আৱেগিক আঘাত বুজি পাইছে। অভিযুক্তজন কোনো দয়াৰ যোগ্য নহয়”।

উল্লেখ্য যে ইয়াৰোপৰি আদালতে দোষীক জৰিমনা হিচাপে ৪০,০০০ টকা জমা দিবলৈও নিৰ্দেশ দিয়ে। যদি জৰিমনা দিয়া নহয়, তেন্তে তেওঁ এবছৰ ন মাহৰ বাবে অতিৰিক্ত কাৰাবাস খাটিব লাগিব।

আদালতে লগতে কয় যে দোষীয়ে জমা দিয়া জৰিমনাখিনি ভুক্তভোগী পৰিয়ালটোক হস্তান্তৰ কৰিব লাগে। আৰু ৰাজ্য চৰকাৰে ভুক্তভোগীক প্ৰয়োজনীয় ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।

Leave a Comment