fbpx
অসম

দিন দুপৰতে ছাত্ৰীক অপহৰণৰ চেষ্টা, ৰাইজে খেদি খেদি ধৰিলে অপহৰণকাৰীক…

দৰঙৰ দলগাঁৱত চাঞ্চল্যকৰ ঘটনা। 

দিন দুপৰতে ছাত্ৰীক অপহৰণৰ চেষ্টা চলোৱা দুই অপহৰণকাৰীক খেদি খেদি ধৰিলে ৰাইজে।

জানিব পৰা মতে, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰীয়ে বিদ্যালয়ত নামভৰ্তিৰ বাবে যাবতীয় কাম-কাজ সমুহ কৰি ঘৰলৈ ঘুৰি আহি থকা অৱস্থাত কৌপাটী সাপ্তাহিক বজাৰৰ পৰা দুজন যুৱকে বলপূৰ্বক ভাৱে এখন বলেৰ’ গাড়ীত উঠাই লৈ যায়।

বলেৰ’ গাড়ী খনৰ নম্বৰ এ এছ ১৩ এচি ২৮৩৮ ।

যুৱক দুজনে কিশোৰী গৰাকীক গাড়ী খনত উঠাই লৈ পলায়ন কৰাত একাংশ লোকে গাড়ীখন ধৰিবলৈ বহু চেষ্টা কৰিও বিফল হোৱাত আন একাংশই গাড়ীখনক অনুসৰন কৰে।

কিন্তু গাড়ী খনে তীব্ৰ বেগেৰে যোৱাৰ বাবে ৰাইজে গাড়ীখন ধৰিবলৈ সক্ষম নহয়।

পিছত বাংগালীগাঁৱত একাংশ লোকে গাড়ীখন আগভেটা দি যুৱক দুজনক আটক কৰাৰ লগতে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰে। ইপিনে ছাত্ৰী গৰাকী ঘৰলৈ ঘুৰি নহাত ছাত্ৰীগৰাকীৰ পিতৃয়ে দলগাঁও থানাত এজাহাৰ দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অপহৰনকাৰী যুৱক দুজনৰ সৈতে ছাত্ৰীগৰাকীক দলগাঁও থানালৈ আনে৷ এই সন্দৰ্ভত আৰক্ষীয়ে অপহৰনকাৰী দুজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে।

অপহৰনকাৰী দুজন কলাইগাঁও শিংৰিমাৰীৰ ৰহিদআলী আৰু গাড়ী চালক ইনামূল।

Related Articles

Back to top button