অসম

দিন দুপৰতে কলেজৰ ছাত্ৰীক অপহৰণ! মুক্তিপণ হিচাপে ৫ লাখ টকা দাবী…

দিন দুপৰতে দৰং মহাবিদ্যালয়ৰ ছাত্ৰীক অপহৰণ।

দুদিন ধৰি সন্ধান নাই একাদশ বাণিজ্য শাখাৰ ছাত্ৰী পৰীস্মিতা দেৱীৰ৷

পৰিয়ালৰ দাবী, ছাত্ৰীগৰাকীক কোনোবাই অপহৰণ কৰিছে।

G6

জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ একমান বজাত মাতৃ মৃদুলা দেৱীৰ লগত শেষবাৰৰ বাবে কথা হৈছিল পৰীস্মিতাৰ৷

ক্লাছ শেষ কৰি ঘৰলৈ যোৱাৰ কথা উল্লেখ কৰিছিল ফোনত৷

কিন্তু ডেৰমান বজাত পৰীস্মিতাৰ ৬০০১৬৯৯৩২৮ৰ পৰা এজন যুৱকে পৰীস্মিতাক অপহৰণ কৰাৰ কথা উল্লেখ কৰে আৰু ফোনযোগে মুক্তিপণ দাবী কৰে পাঁচ লাখ টকা৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে মাতৃ মৃদুলা দেৱীয়ে তেজপুৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ৷

নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ ঘৰ তেজপুৰৰ হজৰাপাৰ শংকৰ নগৰত৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইপিনে, শেহতীয়াকৈ পােৱা খবৰ অনুসৰি পৰিস্মিতা দেৱীক উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

সংবাদ মাধ্যমৰ আগত ছাত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নিজ ইচ্ছা অনুসৰিয়ে এজন বন্ধুৰ লগত ফুৰিবলৈ গৈছিল, কােনাে অপহৰণৰ ঘটনা হােৱা নাছিল।

Related Articles

Leave a Reply

Back to top button