fbpx
অসম

দিছপুৰ মহাবিদ্যালয়ৰ ৭৬ লাখ টকা হৰলুকিৰ আঁৰৰ ৰহস্য ফাদিল, কেনেকৈ ঘূৰাই পাব ধন?

দিছপুৰ মহাবিদ্যালয়ৰ ৭৬ লাখ টকা হৰলুকিৰ আঁৰৰ ৰহস্য ফাদিল।

আৰক্ষীৰ অনুসন্ধানত এই ধন হৰলুকিৰ সমগ্ৰ তথ্য প্ৰকাশ পালে।

বেংকৰ বিষয়াই ভুলৰ বাবেই দিছপুৰ মহাবিদ্যালয়ৰ ৭৬ লাখকৈ টকা হৰলুকি হ’বলৈ পালে।

বেংক অৱ বৰোডাৰ দিছপুৰ শাখাৰ প্ৰবন্ধক ৰাজেশ কুমাৰ সিনহাই নিজৰ ভুল স্বীকাৰ কৰিছে।

বেংক কৰ্তৃপক্ষৰ ভুলৰ বাবে দিছপুৰ মহাবিদ্যালয়ৰ নামত শাখাটোত থকা একাউন্টৰ পৰা কোনো অজ্ঞাত লোকে সৰকাই নিয়ে ৭৬লাখ টকা।

মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই শুক্ৰবাৰে দিছপুৰ আৰক্ষীয়ে সোধাপোচাৰ বাবে আটক কৰিছিল বেংকটোৰ শাখা প্ৰবন্ধক সহ দুই মহিলা কৰ্মচাৰীক৷

তিনিও গৰাকী বিষয়াই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল নিজৰ ভুলৰ কথা।

সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য ফাদিল হোৱাৰ পিছতে এতিয়া বেংকটোৰ ফালৰ পৰা সমূদায় ধন দিছপুৰ মহাবিদ্যালয়ক ঘূৰাই দিয়া হ’ব বুলি লিখিত পত্ৰ প্ৰদান কৰিছে।

ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ অধ্যক্ষ নৱজ্যোতি বৰা উৎফুল্লিত হৈ পৰিছে। তেওঁ সমগ্ৰ ঘটনাৰ তদন্তকাৰী বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছে।

বেংক কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰিলেও এই পৰ্যন্ত কিন্ত জালত পেলাব সক্ষম হোৱা নাই বেংক কতৃপক্ষৰ চকুল ধুলি দি মহাবিদ্যালয়খনৰ ৭৬লাখ টকা আত্মসাৎ কৰা মাষ্টাৰমাইণ্ডক।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!