fbpx
অসম

দিছপুৰ মহাবিদ্যালয়ৰ ধন হৰলুকিঃ বেংক অৱ বৰোদাৰ চীফ মেনেজাৰসহ দুগৰাকী কৰ্মচাৰীক আটক

মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টৰ পৰা ধন হৰলুকিৰ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য।

২ মে’ত মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা হৰলুকি হোৱৰা তথ্য পোহৰলৈ আহিছিল।

ইয়াৰ পিছতে কলেজ খনৰ কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছে দিছপুৰ থানাত।

এই ঘটনা সন্দৰ্ভত বেংক অব বৰোদাত উপস্থিত হয় দিছপুৰ আৰক্ষী।

ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ক্রাইম ব্রান্সেও।

ঘটনা সন্দৰ্ভত বেংক অৱ বৰোদাৰ চীফ মেনেজাৰসহ দুগৰাকী কৰ্মচাৰীক আটক আৰক্ষীৰ।

চীফ মেনেজাৰসহ আন দুগৰাকী মহিলা কৰ্মচাৰীকৈ আটক কৰিছে দিছপুৰ আৰক্ষীয়ে৷

সোধা-পোছাৰ বাবে দিছপুৰ থানালৈ নিছে মেনেজাৰগৰাকীক।

আটক কৰা বেংক অৱ বৰোডাৰ আন কৰ্মচাৰী দুগৰাকী ক্ৰমে কণিকা হাজৰিকা আৰু ৰীতা তালুকদাৰ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!