অসমীয়াঅসম

দাঢ়ি, টুপী থাকিলেই সকলো মুছলমান জেহাদী বা সন্ত্ৰাসবাদী নহয়ঃ বদৰুদ্দিন আজমল

নিউজ ডেস্কঃ জেহাদীৰ ঘাটি ৰূপে পৰিচালিত হোৱা মাদ্ৰাছা ভাঙি পেলোৱাৰ অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ আছে কেইবাগৰাকীও বিৰোধী বিধায়ক। কংগ্ৰেছৰ-এইআইউডিএফৰ কেইবাগৰাকীও বিধায়কে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে।

তাৰ মাজতে মাদ্ৰাছা আৰু জেহাদী সন্ত্ৰাসবাদ প্ৰসংগত পুনৰ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালপৰ সময়ত মাদ্ৰাছা ভাঙি পেলোৱাক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি আজমলে কয় যে জেহাদী বা সন্ত্ৰাসবাদক কোনো ধৰ্মৰ সৈতে সংপৃক্ত কৰা উচিত নহয়। সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে।

আনহাতে দাঢ়ি, টুপি থাকিলেও সকলো মুছলমান জেহাদী নহয় বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে। তেওঁ লগতে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত হিন্দুৰ সমান্তৰালভাৱে মুছলমানৰো অৰিহণা আছে। স্বাধীনতা সংগ্ৰামৰ সেই সময়ত ইংৰাজে লাখ লাখ মুছলমানক হত্যা কৰি গছত ওলোমাই থৈছিল।

আজমলে কয়, ‘যদি মছজিদৰ ভিতৰত এজন চোৰ সোমাই জোতা চুৰি কৰে। তেন্তে ইয়াৰ অৰ্থ এয়া নহয় যে মছজিদত নামাজ আদায় কৰা সকলো মুছলমানেই জোতা চোৰ হৈ পৰিব।’

যদি কোনো মুছলমান জেহাদী বাংলাদেশ বা পাকিস্তানৰ পৰা আহে, তেন্তে তাক কৰায়ত্ব কৰাৰ দায়িত্ব কাৰ বুলিও প্ৰশ্ন কৰে আজমলে। তেওঁ কয় যে জেহাদী বা সন্ত্ৰাসবাদীক সীমান্ততে গুলীয়াই হত্যা কৰাটো চৰকাৰৰ দায়িত্ব। কিন্তু তাৰ বাবেই সমগ্ৰ মুছলমান জাতিটোৰ ভাৱমূৰ্তি বিনষ্ট কৰা হৈছে। এনে হোৱা উচিত নহয়।

Related Articles

Back to top button