নিউজ ডেস্ক। ১৯৫৯ চনত তিব্বতৰ ধৰ্মগুৰু দালাই লামাই চীনৰ আগ্ৰাসনৰ পিছত দেশখন ত্যাগ কৰি গােপনে ভাৰতত প্ৰৱেশ কৰিছিল।
তিব্বতৰ পৰা অৰুণাচল প্ৰদেশৰ জিমিথাং হৈ ভাৰতৰ সীমান্তত প্ৰৱেশ কৰাৰ সময়ত ধৰ্মীয় গুৰুজনা সুৰক্ষা দিয়া অন্যতম ভাৰতীয় সৈনিক আছিল অসমৰ নৰেন চন্দ্ৰ দাস।
এই বীৰ জােৱানজনে বাৰ্ধক্যজনিত কাৰণত মংগলবাৰে পুৱা নিয়তিৰ ওচৰত হাৰ মানিলে।
বিগত ৮ দিন বাৰ্ধক্যজনিক কাৰণত অসুখত ভােগা প্ৰাক্তন সৈনিকগৰাকীয়ে পুৱা ৬ মান বজাত নিজা বাসগৃহতে ৮৪ বছৰ বয়সত শেষ নিস্বাস ত্যাগ কৰে।

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত উদমাৰী গাঁও নিবাসী হলিৰাম কোঁচ আৰু কলি কোঁচৰ চতুৰ্থ সন্তান নৰেন চন্দ্ৰ দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে গে অজস্ৰ গুণমুগ্ধ লোক উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
তেওঁৰ মৃত্যুত সমগ্ৰ গাঁওখনতে শোকাকুল পৰিৱেশে বিৰাজ কৰে।

ইফালে, চাৰিদুৱাৰ লোক্ৰাত থকা অসম ৰাইফলছ আৰু কটন মিলত থকা অৰ্দ্ধসামৰিক বাহিনীয়ে দাসক সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে শােকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰা হয়।
ASSAM RIFLES VETERAN EX HAVILDAR NAREN CHANDRA DAS PASSES AWAY #AssamRifles paid homage to Ex Hav N C Das on his demise at Lokra #Assam on 28 Dec. He was the last survivor among 7 soldiers who received & escorted His Holiness @DalaiLama, when stepped on to Indian soil in 1959. pic.twitter.com/JpJd45mK0L
— The Assam Rifles (@official_dgar) December 29, 2021
উল্লেখ্য যে ১৯৫৯ চনৰ ১৭ মাৰ্চত শান্তি বাণী বিলাই অহা ধৰ্মগুৰু দালাই লামাই তিব্বতৰ পৰা ভাৰতবৰ্ষলৈ পলাই অহাৰ সময়ত ভাৰতীয় সীমান্তৰ পৰা তেওঁক সুৰক্ষা দি লৈ আহিছিল অসম ৰাইফলছৰ সাতজনীয়া এটা দলে।
এই দলটোত নৰেন চন্দ্ৰ দাসো আছিল। মৃত্যুৰ সময়ত দাসে তিনিজন পুত্ৰ, তিনিগৰাকী জীয়ৰী আৰু নাতি-নাতিনীক এৰি থৈ যায়।
লগতে চাওকঃ