fbpx
অসমঅসমীয়া

‘দাম বাঢ়িবই, আপোনালোকৰো দৰমহা বাঢ়িছে…’ মূল্যব্যদ্ধিক লৈ যুক্তি শাসকীয় বিধায়কৰ

নিউজ ডেস্ক। সমগ্ৰ দেশত পুনৰ জ্বলিছে মূল্যবৃদ্ধিৰ জুই। পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা বিদ্যুতৰ মাচুলৈকে সকলোতে অভাৱনীয় মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক।

এসময়ত মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বিজেপিৰ নেতা-মন্ত্ৰীয়ে পিছে এতিয়া মূল্যবৃদ্ধিক লৈ যুক্তি প্ৰদৰ্শনতহে ব্যস্ত হৈ পৰিছে।

ৰাজ্য চৰকাৰৰ বহবল্কী বিধায়ক দিগন্ত কলিতাই হওক বা বিধায়ক মৃণাল কলিতাই হওক, মূল্যবৃদ্ধিক লৈ এতিয়া জগৰীয়া কৰিছে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধক।

G2 29

বিজেপি বিধায়ক দিগন্ত কলিতাই কয় যে ইউক্ৰেইনত যি পৰিৱেশ হৈছে, তাৰ বাবে মূল্যবৃদ্ধি হৈছে। আনহাতে বিধায়কগৰাকীয়ে যোৱাবছৰ পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে মূল্য ৫ টকা হ্ৰাস কৰি দিয়াৰ উদ্ধৃতি দি কয় যে যুদ্ধ কমিলে এইবাৰো নিশ্চয়কৈ মূল্য হ্ৰাস কৰা হ’ব।

ইফালে বিজেপিৰ আন এজন বিধায়ক মৃণাল শইকীয়াইও মূল্যবৃদ্ধিৰ বাবে জগৰীয়া কৰিলে, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ লগতে কোভিড অতিমাৰী আৰু ‘কা’ আন্দোলনক।

‘সামগ্ৰীৰ দাম প্ৰত্যেকবছৰে বাঢ়ে, আপোনালোকৰো দৰমহা বাঢ়িছে’ বুলি সাংবাদিককে উভতি ধৰিলে মৃণাল শইকীয়াই। সকলোৱে ঘৰত এজোপা হ’লেও নেমুগছ ৰুলে নেমুৰ দাম নাবাঢ়িলহেঁতেন বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

যোৱা দুবছৰৰ পিছত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে মৃণাল শইকীয়াই।

তেওঁ কয় যে যোৱাবছৰ বিদ্যুৎ বিভাগ লাভত আছে, কিন্তু তাৰ পূৰ্বৰ লোকচানৰ বাবেহে মাচুল বৃদ্ধি কৰা হৈছে। মূল্যবৃদ্ধি অলপ-চলপ হবই বুলি মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দিলে শাসকীয় দলৰ বিধায়কগৰাকীয়ে।

Related Articles

Leave a Reply

Back to top button