নিউজ ডেস্ক। দাতাই দিলেও বিধাতাই নিদিয়ে !
এই আপ্তবাক্যই যেন সঁচা হ’ল অসম আৰক্ষীত সদ্যনিযুক্তিপ্ৰাপ্ত কমাণ্ডাে জােৱান ধ্ৰুৱজ্যােতি ৰাভাৰ ক্ষেত্ৰত।
বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে মাত্ৰ এবছৰ পূৰ্বে অসম আৰক্ষীত নিযুক্তি লাভ কৰিছিল গােৱালপাৰা জিলাৰ ৰংজুলীৰ সমীপৱৰ্তী শিকিয়াজুলী-চৌকাবড়ীৰ পিতৃহাৰা যুৱক ধ্ৰুৱজ্যােতি ৰাভা (২৫)ই।
অসম আৰক্ষীত নিযুক্তি লাভ কৰি দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী হৈ পৰিছিল ধ্ৰুৱজ্যােতি। কিন্তু বিধৱা মাতৃগৰাকীৰ সপােন যেন মুহূৰ্ততে চাৰখাৰ হ’ল। কণমানি ভগ্নীয়েও হেৰুৱালে মৰমৰ ককায়েকক।
দৌল উৎসৱ উপলক্ষে ঘৰলৈ আহি পুনৰ চাকৰিলৈ উভতি নগ’ল ধ্ৰুৱজ্যােতি।
জানিব পৰা মতে, নিৰ্মীয়মান গােৱালপাৰা-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ ধূপধৰা থানাৰ অন্তৰ্গত দেওশিলাৰ পুৱতি নিশা অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু ঘটে স্কুটী আৰােহী ধ্ৰুৱজ্যােতিৰ।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পৰাগজ্যােতি ৰাভা (২২) নামৰ আন এজন বন্ধু।
ৰংজুলীত দৌল উৎসৱৰ অনুষ্ঠানত অংশ লৈ দুমাহ পূৰ্বে ক্ৰয় কৰা স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দেওশীলা নৈৰ দলঙৰ পৰা কিছু নিলগত সংঘটিত হয় এই দুৰ্ঘটনা।
বাতৰি যুগুতােৱা পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।
লগতে চাওকঃ কৰ্তব্যৰত অসম আৰক্ষীৰ জােৱান সন্ধানহীন, পৰিয়ালত হাহাকাৰ